নিউজ ডেস্ক : ক’ভিডৰ তৃতীয়টো ঢৌৰ আশংকাৰ মাজতে দেশত ক’ভিড আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। অৱশ্যে দেশৰ পাঁচখনকৈ ৰাজ্যতে ক’ভিডৰ কভিড সংক্ৰমণৰ হাৰ পুনৰ ভয়াবহভাৱে বৃদ্ধি পাবলৈ ধৰিছে। এই পাঁচখন ৰাজ্যৰ ভিতৰত কেৰেলাত সংক্ৰমণৰ হাৰ সৰ্বাধিক। কেৰেলাৰ পিছতে আছে মহাৰাষ্ট্ৰ, অন্ধ্ৰ প্ৰদেশ, তামিলনাডুৰ আৰু কৰ্ণাটক।
কেৰেলাত যোৱা ২৪ ঘণ্টাত ক’ভিডত নতুনকৈ আক্রান্ত হৈছে ২২ হাজাৰ ৪১৪ জন লোক। কেৰেলাৰ পিছতে মহাৰাষ্ট্ৰত আক্রান্ত হৈছে ৬ হাজাৰ ১২৬ জন লোক। অন্ধ্ৰ প্ৰদেশত যোৱা ২৪ ঘণ্টাত আক্রান্ত হৈছে ২ হাজাৰ ৪৪২ জন লোক। আনহাতে তামিলনাডুত ১ হাজাৰ ৯৪৯ জন লোক আৰু কৰ্ণাটকত ১ হাজাৰ ৭৬৯ জন লোক যোৱা ২৪ ঘণ্টাত নতুনকৈ ক’ভিডত আক্রান্ত হৈছে।
যোৱা ২৪ ঘণ্টাত দেশত মৃত্যুৰ মুখত পৰিছে ৫৩৩ জন ক’ভিড ৰোগী। ইয়াৰে সৰ্বাধিক লোকৰ মৃত্যু হৈছে মহাৰাষ্ট্ৰত। যোৱা ২৪ ঘণ্টাত মহাৰাষ্ট্ৰত মৃত্যুৰ মুখত পৰিছে ১৯৫ জন ক’ভিড ৰোগী। ইয়াৰ সমান্তৰলে কেৰালত মৃত্যুৰ মুখত পৰিছে ১০৮ জনকৈ ক’ভিড ৰোগী। আনহাতে যোৱা ২৪ ঘণ্টাত দেশত ক’ভিড যুঁজত বিজয়ী হৈ সুস্থ হৈ উঠিছে ৪১ হাজাৰ ৭২৬ জন ক’ভিড ৰোগী।
লগতে পঢ়ক : অধ্যক্ষই বিৰোধীক উগ্ৰপন্থীৰ লগত তুলনা কৰাৰ পাছতেই উত্তাল সদন
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশত যোৱা ২৪ ঘণ্টাত নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ৪২ হাজাৰ ২৮২ জন লোক। দেশত যোৱা ২৪ ঘণ্টাত আক্রান্ত হোৱা এই ৪২ হাজাৰ ২৮২ জন লোকৰ ভিতৰত ৫২ শতাংশ লোক কেৰেলাৰ। আনহাতে কেৰেলা, মহাৰাষ্ট্ৰ, অন্ধ্ৰ প্ৰদেশ, তামিলনাডু আৰু কৰ্ণাটকৰ আক্রান্ত হাৰ দেশৰ মুঠ আক্রান্ত ৮০ শতাংশ।