নিউজ ডেস্কঃ দেশত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ। ক’ভিডৰ সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে ১৫খন ৰাজ্যৰ স্বাস্থ্য বিষয়া সকলৰ সৈতে এক বৈঠকত মিলিত হয়।জুলাই মাহৰ পৰা আৰম্ভ হ’ব অমৰনাথ যাত্ৰাৰ লগতে চাৰিধাম যাত্ৰা।

কিন্তু এই মুহূৰ্তত কেন্দ্ৰই অমৰনাথ যাত্ৰা অথবা চাৰধাম যাত্ৰাৰ দৰে ধৰ্মীয় সমাৱেশক লৈ অধিক চিন্তিত হৈ পৰিছে। কাৰণ সমগ্ৰ দেশৰ লাখ লাখ লোক এটা এলেকাতে গোট খাব। এই লোকসকলৰ মাজত সংক্ৰমিত ৰোগী থাকিলে সংক্ৰমণ বিয়পাৰ সম্পূৰ্ণ আশংকা আছে। সেইকাৰণে সংশ্লিষ্ট ৰাজ্যসমূহক দ্বিতীয় পালিৰ পিছত বুষ্টাৰ পালি গ্ৰহণ কৰা তীৰ্থযাত্ৰীসকলকহে তীৰ্থযাত্ৰাৰ বাবে অনুমতি প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। কেৱল উপসৰ্গবিহীন লোককহে তীৰ্থযাত্ৰা কৰিবলৈ অনুমতি প্ৰদান কৰা হ’ব। দীৰ্ঘদিন ধৰি বিভিন্ন ৰোগত আক্ৰান্ত বৃদ্ধ লোকসকলে তেওঁলোকৰ চিকিৎসকৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিহে তীৰ্থযাত্ৰাত অংশ ল’বলৈ কোৱা হৈছে।

বৈঠকত চাৰিটা মুখ্য বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। প্ৰথমতে, বিদেশৰ পৰা অহা যাত্ৰীসকলৰ পৰীক্ষা অব্যাহত ৰখা। দ্বিতীয়তে, জনসাধাৰণৰ ওপৰত নিৰন্তৰ নিৰীক্ষণ। তৃতীয়তে, বিভিন্ন চিকিৎসালয় আৰু পৰীক্ষাগাৰৰ নিৰীক্ষণ। চতুৰ্থতে, শ্বাস-প্ৰশ্বাস বা ইনফ্লুৱেঞ্জা সদৃশ লক্ষণত ভুগি থকা লোকসকলৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলৈও কোৱা হৈছে। এটা নিৰ্দিষ্ট এলেকাত সংক্ৰমণৰ অধিক ঘটনা আছে নে নাই তাৰ ওপৰত নজৰ ৰাখিবলৈও কেন্দ্ৰই নিৰ্দেশ দিছে। ইয়াৰ উপৰিও, টিকাকৰণৰ দ্বিতীয় পৰ্যায়ত ঘৰে ঘৰে গৈ টিকাকৰণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছে। কেন্দ্ৰই বুষ্টাৰ পালি গ্ৰহণৰ ক্ষেত্ৰত ক্ষীপ্ৰতাৰে আৰম্ভ কৰিবলৈ এক অভিযান আৰম্ভ কৰাৰ বিষয়েও উল্লেখ কৰে। কেন্দ্ৰীয় স্বাস্থ্য বিষয়াসকলে সংক্ৰমণৰ হাৰ এতিয়াও নিয়ন্ত্ৰণত থকা ৰাজ্যসমূহত শীঘ্ৰে বুষ্টাৰ পালি প্ৰদান কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,387 other subscribers

Leave a comment

Leave a Reply Cancel reply