নিউজ ডেস্ক: কোৰোনাৰ সংক্ৰমণ দেশত বৃদ্ধি পোৱাৰ বাবে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। আন্তৰাষ্ট্ৰীয় বিমান সেৱা আগন্তুক ৩১ মাৰ্চৰ লৈকে প্ৰতিবন্ধকতা আৰোপ কৰিছে কেন্দ্ৰই। শেহতীয়াকৈ DGCAয়ে এই সন্দৰ্ভত দিয়া নিৰ্দেশনাত এই তথ্য প্ৰকাশ কৰিছে। উল্লেখ্য যে, প্ৰথমে ২৮ফেব্ৰুৱাৰীৰ লৈকে আছিল এই প্ৰতিবন্ধকতা আছিল।


দেশত পুনৰ কোৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। যোৱা ২৪ঘন্টাত ১৬হাজাৰো অধিক লোক দেশত আক্ৰান্ত হৈছে কোৰোনাত। বিগত ২৪ঘন্টাত ১৬,৪৮৮গৰাকী লোক আক্ৰান্ত হৈছে কোৰোনাত। আনহাতে ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়াও বৃদ্ধি কৰা হৈছে দেশত। বৰ্তমানলৈ ১কোটি ৪২লাখ ৪২হাজাৰ ৫৪৭গৰাকী লোকক প্ৰদান কৰা হৈছে ভেকচিন। বিগত ২৪ঘন্টাত ১১৩গৰাকী ৰোগীয়ে প্ৰাণ হেৰুৱাইছে দেশত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,884 other subscribers

Leave a comment

Leave a Reply