নিউজ ডেস্ক : দেশত অপৰিৱৰ্তিত হৈ আছে কভিডৰ ভয়াবহ পৰিস্থিতি। প্ৰতিদিনে দেশত লক্ষাধিক লোক আক্রান্ত হৈছে কিভিড মহামাৰীত। পুনৰ দেশত ২৪ ঘণ্টাত কভিডত আক্রান্তৰ সংখ্যা তিনি লাখ অতিক্ৰম কৰে। মঙলাবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য মতে যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ কভিডত আক্রান্ত হয় ৩,২৩,১৪৪ জন লোক। ২৪ ঘণ্টাত মৃত্যুৰ মুখত পৰিছে ২,৭৭১ জনকৈ লোক।

আৰু পঢ়কঃন্যায়ালয়ৰ ৰোসত পৰাৰ পিছতে কঠোৰ হৈছে নিৰ্বাচন আয়োগ

কভিডৰ দ্বিতীয় ঢৌ দেশত অব্যাহত ৰাখিছে তাণ্ডৱলীলা। কভিডৰ সংহাৰী ৰূপ দেশৰ অন্যান্য ৰাজ্যৰ তুলনাত দেশৰ ৰাজধানী দিল্লী, বাণিজ্যিক নগৰী মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ আৰু গুজৰাটত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে। উক্ত ৰাজ্য সমূহত আক্রান্তৰ সংখ্যা ইমানেই বৃদ্ধি পাইছে যে চিকিৎসলায় সমূহত ৰোগীৰ বাবে ঠাইৰ অভাৱ হৈছে। অক্সিজেৰ নাটনিৰ ফলত ইতিমধ্যে প্ৰাণ হেৰুৱাইছে বহু লোকে।

চিকিৎসলায় সমূত ৰোগীৰ বাবে ঠাইৰ অভাৱ আৰু অক্সিজেৰ নাটনিৰ মাজতে ধাৰাবাহিকভাৱে দেশত কভিড আক্রান্ত লোকৰ সংখ্যা তিনি লাখ অতিক্ৰম কৰিছে। মঙলাবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰলায়ৰ তথ্য মতে যোৱা ২৪ ঘণ্টাত দেশত কভিডত আক্রান্ত হৈছে ৩,২৩,১৪৩ জন লোক। যোৱা ২৪ ঘণ্টাত দেশত মৃত্যু ঘটিছে ২,৭৭১ জন কভিড আক্রান্ত ৰোগীৰ।

আৰু পঢ়কঃকামৰূপ মহানগৰ জিলাৰ চৰকাৰী/বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ প্ৰশাসনৰ

উল্লেখ্য যে বিগত ছায় দিন ধৰি ধাৰাবাহিকভাৱে দেশত কভিড আক্রান্ত লোকৰ সংখ্যা তিনি লাখ অতিক্ৰম কৰি আছে। স্বাস্থ্য মন্ত্ৰলায়ৰ তথ্য মতে দেশত বৰ্তমানলৈকে কভিডত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ১,৯৭,৮৯৪। ইয়াৰে সৰ্বাধিক মহাৰাষ্ট্ৰত ৬৫,২৮৪ জন লোকৰ মৃত্যু হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply Cancel reply