দুটা বছৰৰ ভিতৰত বিশ্বত ৬০ লাখতকৈও অধিক লোকে প্ৰাণ হেৰুওৱা ক’ভিড-১৯ মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ পৰা মুক্ত হোৱা নাই বিশ্ব। দুবছৰ সম্পূৰ্ণ হোৱাৰ সময়তে ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ’ গুৱেটেৰেছে এই সম্পৰ্কে সতৰ্ক কৰি দি কয়, “এই মহামাৰীৰ সংকটটো শেষ হৈছে বুলি ভবাটো এটা ডাঙৰ ভুল হ’ব। প্ৰায় তিনি বিলিয়ন লোকে এতিয়াও ক’ভিড-১৯ ভেকছিনৰ প্ৰথম পালিৰ বাবে অপেক্ষা কৰিছে।”
মহাসচিব গুৱেটেৰেছে আৰু কয়, “দুবছৰ আগতে, কোৰোনা ভাইৰাছে সমগ্ৰ বিশ্বৰ মানুহৰ জীৱন সলনি কৰি পেলাইছে, বিশ্বৰ প্ৰতিটো কোণলৈ ই দ্ৰুতগতিত বিয়পি পৰিছে। অৰ্থনীতি, পৰিবহন নেটৱৰ্ক আৰু যোগান শৃংখলা বন্ধ কৰি দিয়াৰ ফলত মানব জীৱনৰ সকলোবোৰ এক প্ৰকাৰ স্থবিৰ হৈ পৰে।”
ৰাষ্ট্ৰসংঘৰ মহাসচিব গৰাকীয়ে আৰু কয় যে, “ক’ভিড মহামাৰী আৰম্ভ হোৱাৰ পিছত যোৱা দুবছৰত ক’ভিড-১৯ত ৪৪.৬ কোটিৰো অধিক লোক আক্রান্ত হয় আৰু ৬০ লাখৰো অধিক লোকে প্ৰাণ হেৰুৱাই। ইয়াৰ লগতে অসংখ্য লোক বৰ্তমান মানসিক স্বাস্থ্যৰ অৱনতিত ভুগি আছে।
ভেকছিন প্ৰস্তুত কৰা কোম্পানীসমূহে প্ৰতি মাহে ১.৫ বিলিয়ন পালি উৎপাদন কৰি আছে, কিন্তু তিনি বিলিয়ন লোকে এতিয়াও প্ৰথম পালিৰ বাবে অপেক্ষা কৰি আছে। এনে সময়ত এই মহামাৰীটো শেষ হ’ল বুলি ভাবিলে ভুল হ’ব।