নিউজ ডেস্কঃ দেশত ক্ৰমান্বয়ে হ্ৰাস পাই গৈ আছে কোৰোনাৰ সংক্ৰমণ। ভাৰতত যোৱা ২৪ ঘন্টা নতুনকৈ কোভিড-১৯ত আক্ৰান্ত হৈছে ১০৯৬জন লোক। ইয়াৰ পাছতে দেশত বৰ্তমান সময়ত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যা প্ৰায় ১৩ হাজাৰ হৈছেগৈ।

স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, টীকাকৰণ অভিযানৰ অধীনত এতিয়ালৈকে দেশত ১৮৪.৬৬ কোটি লোকক কোভিড ভেকচিন প্ৰদান কৰা হৈছে। উল্লেখ্য যে, যোৱা ২৪ ঘন্টাত দেশত সুস্থ হৈছে ১৪৪৭জন লোক আৰু বৰ্তমান সময়ত আৰোগ্যৰ হাৰ ৯৮.৭৬ শতাংশ।

তাৰ বিপৰীতে এই সময়চোৱাত কোৰোনাত আক্ৰান্ত ৮১জন লোকৰ মৃত্যু হৈছে ভাৰতত। ইফালে, প্ৰতিদিনৰ পজিটিভিটী হাৰ দেশত ০.২৪ শতাংশ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply