কোৰোনা ভেকচিন

কোৰোনাৰ দ্বিতীয় পৰ্যায়ৰ ঢৌৱে দেশত এতিয়া ঠায়ে ঠায়ে সংহাৰী ৰূপ ধাৰণ কৰিছে । দিনে দেশত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে । এনে সময়তেই ক’ভিডৰ প্রতিষেধক হিচাবে প্ৰস্তুত কৰা ভেকচিনক লৈও এচামৰ মনত সন্দেহ ভাব জাগিছে ।

কিন্তু বিশেষজ্ঞৰ মতে এই ভেকচিনেই বৰ্তমান সময়ত ইয়াৰ পৰা পৰিত্ৰাণৰ বাবে অন্যতম কাৰক হিচাপে চিহ্নিত হৈছে ।কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি ভেকচিনৰ বাধ্যতামূলক দুইটা পালি লোৱা প্ৰতি ১০হাজাৰ লোকৰ ২জনৰ পৰা ৪জন লোক হে পুনৰ কোৰোনাত আক্রান্ত হৈছে ।

আৰু ভেকচিন লোৱাৰ পিছতো আক্রান্ত হোৱা এইসকলৰ লোক মূলতঃ স্বাস্থ্য কৰ্মী তথা ফৰ্ন্ট লাইন কৰ্মীসকল বুলি দাবী কৰিছে কেন্দ্ৰীয় চৰকাৰে ।

চৰকাৰী তথ্য অনুসৰি ভাৰত বায়’টেক আৰু ICMRএ যুটীয়া ভাৱে প্ৰস্তুত কৰা প্রতিষেধক কোভাস্কিন এতিয়ালৈ প্ৰায় ১.১কোটি লোকে গ্ৰহণ কৰিছে । ইয়াৰে প্ৰথম পালি গ্ৰহণ কৰা লোকৰ সংখ্যা হৈছে ৯৩ লাখ । এই সকলৰ ভিতৰত মাথোঁ ৪২০৮গৰাকী লোকহে পুনৰ আক্রান্ত হৈছে । শতকৰা ০.০৪জন লোক আক্রান্ত হৈছে ।

অন্যহাতেদি দুয়োটা পালি ভেকচিন লোৱা লোকৰ সংখ্যা হৈছে ১৭ লাখ । এই সকলৰ ভিতৰত আক্রান্ত হোৱা লোকৰ সংখ্যা হৈছে ৬৯৫জন । এইক্ষেত্ৰত পুনৰ আক্ৰান্তৰ সংখ্যা ০.০৪শতাংশ । ICMRৰ সঞ্চালক প্ৰধান বলৰাম ভাৰ্গৱে এই তথ্য প্ৰকাশ কৰি সকলোকে ভেকচিন ল’বলৈ আহ্বান জনায় ।

আনহাতে অক্সফোৰ্ড বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰা ভেকচিনৰ আৰ্হিত ছীৰাম ইনষ্টিটিউটে প্রস্তুত কৰা কোভিশ্বিল্ডৰ প্ৰভাবো ফলপ্ৰসূ হিচাপে পৰিগণিত হৈছে । এতিয়ালৈ প্ৰায় ১০কোটি লোকে এই ভেকচিনৰ প্ৰথম পালি গ্ৰহণ কৰিলে । এইসকলৰ মাজত শৰীৰত ক’ৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰা লোকৰ সংখ্যা হৈছে ১৭১৪৫জন – অৰ্থাৎ ০.০২শতাংশ ।

আনহাতে এই ভেচকিনৰ দুইটা পালি গ্ৰহণ কৰিছে প্ৰায় ১.৫কোটি লোকে আৰু এওঁলোকৰ ভিতৰত আক্রান্ত হৈছে ৫০১৪জন লোক – অৰ্থাৎ ০.০৩শতাংশ । শেহতীয়াকৈ ভাইৰাচটোৱে ইয়াৰ চৰিত্ৰ সলনি কৰাৰ বাবেই প্ৰতিষেধক লোৱাৰ পিছতো দুই এক শতাংশ লোক আক্ৰান্ত হৈছে ।শেহতীয়াকৈ ভাইৰাছটোৰ অতি মাত্ৰা বিয়পিব পৰা Double Mutant Variantৰ ক্ষমতা নথকা হ’লে ভেকচিন লৈ আক্রান্ত হোৱাৰ সংখ্যা নাথাকিলে হেতেন বুলি প্ৰকাশ কৰিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,844 other subscribers

Leave a comment

Leave a Reply