নিউজ ডেস্কঃ কোভিছিল্ড (Covishield) ভেকচিনৰ বুষ্টাৰ ড’জ ৬০০ টকাৰ পৰিৱৰ্তে ২২৫ টকাতে লাভ কৰিব দেশবাসীয়ে। চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া অদাৰ পুনেৱালাই শনিবাৰেই এই ঘোষণা কৰে।
এতিয়াৰে পৰা ব্যক্তিগত হাস্পতালত দেশবাসীয়ে এই বুষ্টা ড’জ মাত্ৰ ২২৫টকাতে লাভ কৰিব। ১৮ বছৰৰ উৰ্ধৰ সকলো ব্যক্তিৰ বাবে এই বুষ্টাৰ ড’জ প্ৰদান অভিযান আৰম্ভ কৰাৰ এদিন পূৰ্বেই এই ঘোষণা কৰা হৈছে।
ইফালে, ভাৰত বায়’টেকেও নিজৰ বুষ্টাৰ ড’জ কোভাক্সীন (Covaxin)ৰ মূল্য ১২০০ টকাৰ পৰা ২২৫ টকাত প্ৰদান কৰিব বুলি ঘোষণা কৰিছে।
উল্লেখ্য যে, ১০ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব এই বুষ্টাৰ ড’জ প্ৰদানৰ অভিযান। ভাৰত বায়’টেকৰ বিষয়া সুচিত্ৰা পিল্লেয়ে কেন্দ্ৰীয় চৰকাৰৰ সৈতে এক আলোচনা কৰাৰ পাছত বুষ্টাৰ ড’জৰ মূল্য হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।