শিশুৰ বাবে ভেকচিন

নিউজ ডেস্ক: শিশুৰ বাবে কোভিড-19 ভেকচিন অহা আগষ্ট মাহৰ পৰা দেশত আৰম্ভ কৰিব পৰা হব । কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মান্দভিয়াই আজি এই কথা ঘোষণা কৰি কয় যে শীঘ্ৰে ভাৰত ভেকচিন উৎপাদনৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে শীৰ্ষত থাকিব ।

ইতিমধ্যে অন্য বহুকেইটা ফাৰ্মাচিউটিকেল কোম্পানীয়ে কোভিড-১৯ ভেকচিনৰ বাবে WHO ৰ পৰা অনুমতি লাভ কৰিব । ইফালে এইমচৰ সঞ্চালক ৰনদীপ গুলেৰীয়াই কয় যে ভাৰতত কোভিডৰ তৃতীয় লহৰ ( Third wave of COVID-19) অহা ছেপ্টেম্বৰ-অক্টোবৰ মাহৰ ভিতৰত অহাৰ নিশ্চিত সম্ভাৱনা আছে ।

শিশু যাতে অধিক সংক্ৰমিত হব নোৱাৰে তাৰ বাবে ভেকচিন প্ৰক্ৰিয়া সোনকালে আৰম্ভ কৰিব লাগিব । উল্লেখ্য যে শিশুৰ বাবে ভাৰত বায়োটেকৰ ভেকচিন অহা মাহৰ ভিতৰত উপলদ্ধ হব ।যাইডাছ কেডিলাৰ ভেকচিন অহা ছেপ্টেম্বৰ মাহৰ ভিতৰত মুকলি কৰাৰ পূৰ্ণ সম্ভৱনা আছে । ইতিমধ্যে যাইডাছ কেডিলাৰ ভেকচিন সকলো ক্লিনিকেল ট্ৰাইল সম্পূৰ্ণ হৈছে ।

লগতে পঢ়ক মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধৰ সিদ্ধান্ত হাইলাকান্দিবাসীৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply