নিউজ ডেস্ক : ভাৰতত ক’ভিড প্ৰতিষেধক কাৰ্যসূচীৰ এবছৰ সম্পূৰ্ণ। ১৬ জানুৱাৰী ২০২১ চনত ভাৰতত আৰম্ভ কৰা হৈছে কভিড প্ৰতিষেধক কাৰ্যসূচী। চিকিৎসক, চিকিৎসা কর্মী আৰু ক’ভিড যুঁজৰ সন্মুখৰ যোদ্ধা সকলৰ বাবে ২০২১ চনৰ ১৬ জানুৱাৰীত আৰম্ভ কৰা হৈছিল ক’ভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ।

সমগ্ৰ বিশ্বতে ২০২০ চনৰে পৰা তাণ্ডৱ চলাই থকা ক’ভিড মহামাৰীৰ পৰা মানৱ জাতিক ৰক্ষা কৰাৰ বাবে বিশ্বজুৰি অব্যাহত আছে প্ৰতিষেধক প্ৰদান কাৰ্যসূচী। ভাৰতত ক’ভিড মহামাৰীৰ পৰা ৰক্ষা পাবলৈ ক’ভিড প্ৰতিষেধক কাৰ্যসূচীৰ আৰম্ভণি কৰা হৈছিল ১৬ জানুৱাৰী ২০২১ চনত। ভাৰতত ক’ভিড প্ৰতিষেধক কাৰ্যসূচীৰ এবছৰ সম্পূৰ্ণ হ’ল।

এই সময়ছোৱাত ভাৰতত ১৫৭ কোটি পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে। কিন্ত বৰ্তমানেও ভাৰতৰ সম্পূৰ্ণ জনসংখ্যাক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য বহু দূৰত আছে। ভাৰতৰ মুঠ জনসংখ্যাৰ ৯২ শতাংশ লোকক প্ৰথম পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে। আনহাতে ৬৯ শতাংশ লোকক ক’ভিডৰ দুয়ো পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে।

ক’ভিডৰ তৃতীয়টো ঢৌ চলি থকাৰ মাজতে ভাৰতত তীব্ৰ গতিত চলি আছে প্ৰতিষেধক প্ৰদান কাৰ্যসূচী। ক’ভিডৰ প্ৰথম আৰু দ্বিতীয় পালিৰ লগতে ক’ভিড যোদ্ধা আৰু ৬০ বছৰৰ ওপৰত বয়সৰ লোক সকলক বুষ্টাৰ ডজ প্ৰদান কাৰ্যসূচীৰ আৰম্ভণি কৰা হৈছে। আনহাতে কিছুদিন পূৰ্বে দেশত ১৫ ৰ পৰা ১৮ বছৰৰ কিশোৰ-কিশোৰী সকলৰ বাবেও ক’ভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ আৰম্ভ কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply