নিউজ ডেস্কঃ ভাৰতত ক্ৰমাৎ বৃদ্ধি পাই গৈ আছে কোৰোনাৰ সংক্ৰমণ। যোৱা ২৪ ঘন্টাত দেশত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে ২০২৭৯ জন লোক। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, এতিয়াও ভাৰতত কোভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১,৫২,২০০ জন ৰোগী।
ইফালে, এই সময়চোৱাত দেশত ৩৬জন কোভিডত আক্ৰান্ত লোকৰ মৃত্যু হৈছে। উল্লেখ্য যে, যোৱা ২৪ ঘন্টাত ২৮,৮৩,৪৮৯জন লোকক কোভিড ভেকচিন দিয়া হৈছে। আনহাতে, এই সময়খিনিত পজিটিভিটী হাৰ ৫.২৯ শতাংশ।
যোৱা ২৪ ঘন্টাত ভাৰতত কোভিড টেষ্টা কৰা হৈছে ৩৮৩৬৫৭জন লোকৰ। তদুপৰি দেশত সুস্থ হৈছে ১৮,১৪৩জন লোক। আৰু সাপ্তাহিক পজিটিভিটী হাৰ ৪.৪৬ শতাংশ।