নিউজ ডেস্ক : স্বাস্থ্য বিভাগৰ শেহতীয়া তথ্য মতে ভাৰতত পুনৰ ৩১৯২৩জন কোৰোনাত আক্ৰান্ত হৈছে। যোৱা ২৪ ঘন্টাত দেশত ৩১৯৯০জন লোক সুস্থ হোৱাৰ বিপৰীতে ২৮২জনৰ মৃত্যু হৈছে ।
এতিয়াও দেশত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা লোকৰ সংখ্যা ৩০১৬০৪জন । আনহাতে, যোৱা ২৪ ঘন্টাত দেশত ৭১৩৮২০৫জন লোকক প্ৰদান কৰা হৈছে ভেকচিন।
স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বৰ্তমানলৈ দেশত এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৩২৮১৫৭৩১জনলৈ বৃদ্ধি পাইছে। আনহাতে, ভেকচিন দিয়া লোকৰ সংখ্যা বৰ্তমানলৈ হৈছেগৈ ৮৩৩৯৯০০৪৯জন।
তামিলনাডুত এই সময়চোৱাত ১৬৮২ জন আক্ৰান্ত হোৱাৰ বিপৰীতে, নাচিকত ১০৭ জন, নাগালেন্ডত ৩১জন, দিল্লীত ৩০ জন , গুজৰাটত ২০ জন আক্ৰান্ত হৈছে।
লগতে পঢ়ক-অপৰাধমূলক কামত আৰক্ষী জড়িত থাকিলে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব