নিউজ ডেস্ক : যোৱা ২৪ ঘণ্টাত দেশত ১,১৭,১০০ গৰাকী ব্যক্তি ক’ভিডত আক্ৰান্ত হৈছে। স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্যত প্ৰকাশ পাইছে। উল্লেখযোগ্য যে ৭ মাহৰ পিছত ভাৰতত ক’ভিডত আক্ৰান্তৰ সংখ্যাই ১ লাখ অতিক্ৰম কৰিছে।
দেশত বৰ্তমান ৩,৭১,৩৬৩ গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈ আছে। আনহাতে, বৃহস্পতিবাৰে ৩০২ গৰাকী ব্যক্তি ক’ভিডত মৃত্যু হোৱাৰ ফলত নিহত সংখ্যা ৪,৮৩,১৭৮ গৰাকীলৈ বৃদ্ধি পাইছে।
বৃহস্পতিবাৰে কেৱল মহাৰাষ্ট্ৰতে সৰ্বাধিক ৩৬,২৬৫ গৰাকী ব্যক্তি ক’ভিডত আক্ৰান্ত হৈছে।
দেশত ক’ভিডৰ সংক্ৰমণ পুনৰ বৃদ্ধি পোৱাৰ মাজতে আই আই টি কানপুৰৰ অধ্যাপক মনিন্দ্ৰ আগৰৱালে কয় যে চলিত মাহৰ মাজভাগত দেশত দৈনিক ৪ৰ পৰা ৮ লাখ লোক ক’ভিড কেচ ধৰা পৰিব পাৰে।
তেওঁৰ মতে নতুন দিল্লী আৰু মুম্বাইত অহা দিন দিনৰ ভিতৰত অ’মিক্ৰণৰ কেচ অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। দুয়োখন মহানগৰীত ৩০,০০০-৫০,০০০ লৈকে কে’চ বৃদ্ধি পাব পাৰে বুলি তেওঁ আশংকা কৰিছে।
লগতে পঢ়ক – আফস্পা বাতিল, নিহতৰ পৰিয়ালৰ ন্যায় দাবীত পুনৰ উত্তাল নগালেণ্ডৰ মন জিলা