নিউজ ডেস্কঃ এতিয়া পৰা প্ৰতিটো সুৰা বটল ক্ৰয় কৰিলে আদায় দিব লাগিব ১০ টকাকৈ ‘ গো-কৰ’। ৰ’ব, ভয় নাখাব এইয়া অসমৰ বাবে নহয় বা কোনো বিজেপি শাসিত ৰাজ্যত কৰা হোৱা নাই এই নিয়ম।

গৰুৰ বাবে আদায় কৰিবলগীয়া ১০ টকাকৈ কৰ কংগ্ৰেছ শাসিত হিমাচল প্ৰদেশ অতি শীঘ্ৰে কাৰ্যকৰী হ’ব। শুকুৰবাৰে ২০২৩-২৪ বৰ্ষৰ বাজেট উপস্থাপন কৰাৰ সময়ত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং চুখুৱে এই কথা প্ৰকাশ কৰে।

উত্তৰ প্ৰদেশতো গৰুৰ আশ্ৰয় গৃহ নির্মাণৰ বাবে ২০১৯ চনৰ পৰা ০.৫% কৈ গো-কৰ সংগ্ৰহ কৰি আহিছে। ইফালে ২০১৮ চনৰ পৰাই ৰাজস্থানটো ২০ শতাংশকৈ গো-কৰ গ্ৰহণ কৰি অহা হৈছে।

উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং চুখুৱে কয় যে, এই সৰু পদক্ষেপৰ জৰিয়তে ৰাজ্যখনে বছৰি ১০০ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰিব পাৰিব৷

লগতে পঢ়ক – এইবাৰ ফাদিল মেট্ৰিকৰ ভূগোলৰ প্ৰশ্নকাকত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply