নিউজ ডেস্কঃ চীনত দুৰ্ঘটনাত পতিত যাত্ৰীবাহী বিমানৰ ব্লেক বক্স উদ্ধাৰ কৰা হৈছে। চীন ইষ্টাৰ্ণ এম ইউ ৫৭৩৫ বিমানখনৰ ৰিকৰ্ডাৰ আজি উদ্ধাৰ কৰা হয়। চীনৰ এভিয়েশ্যন কৰ্তৃপক্ষৰ তৰফৰ পৰা সদৰি কৰা হৈছে এই কথা।
উল্লেখ্য যে, পাহাৰৰ মাজত দুৰ্ঘটনাগ্ৰস্ত এই বিমানখনত আছিল ১৩২গৰাকী যাত্ৰী। আৰু আটাইকেইগৰাকী যাত্ৰীৰে এই দুৰ্ঘটনাত মৃত্যু হৈছে।
উল্লেখ্য যে, যোৱা সোমবাৰ অৰ্থাৎ ২৩ মাৰ্চত সংঘটিত হৈছিল এই বিমান দুৰ্ঘটনা। দুৰ্ঘটনাৰ পাছতে উক্তস্থানত অগ্নিকাণ্ড সংঘটিত হয়। বিমান বন্দৰৰ লোকে সাংবাদিকৰ আগত জনোৱা মতে, বিমানখনে চীনৰ কুনমিং চহৰৰ পৰা গুৱানঝুলৈ উৰা মাৰিছিল।
কিন্তু আকাশ মাৰ্গত থকা সময়তে নিয়ন্ত্ৰণ কক্ষৰ সৈতে বিমানখনৰ সংযোগ বিচ্ছিন্ন হৈ পৰে। আৰু বিমানখন দুৰ্ঘটনাত পতিত হয়।