নিউজ ডেস্ক : চত্তীশগড়ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। আজি পুৱা ৰাজ্যখনৰ ছুকমা জিলাত এগৰাকী চি আৰ পি এফ জোৱানৰ নিৰ্বিচাৰ গুলীচালনাত তেওঁৰ ৪ গৰাকীকৈ সতীৰ্থ নিহত হয়।

এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে মাৰাইগুডা আৰক্ষী থানাৰ অন্তৰ্গত লিনগানপালী গাঁৱত থকা ৫০ নং চি আৰ পি এফ বেটেলিয়ন কেম্পত সোমবাৰে পুৱা প্ৰায় ৩.১৫ বজাত উক্ত ঘটনা সংঘটিত হয়।

প্ৰাপ্ত তথ্য মতে চি আৰ পি এফ বাহিনীৰ কনিষ্টবল ৰিতেশ ৰঞ্জনে তেওঁৰ এ কে ৪৭ ছাৰ্ভিচ ৰাইফলেৰে তেওঁৰ সতীৰ্থসকলৰ ওপৰত গুলীচালনা কৰে। গুলীচালনাত আহত ৭ গৰাকী জোৱানক ততালিকে সমীপৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে চাৰিজনক মৃত ঘোষণা কৰে।

নিহত জোৱান কেইজনক ৰাজমনি কুমাৰ যাদৱ, ৰাজীৱ মণ্ডল, ধঞ্জি কুমাৰ আৰু ধৰ্মেন্দ্ৰ কুমাৰ বুলি চিনাক্ত কৰা হৈছে, আটাই কেইজনে কনিষ্টবল হিচাপে নিযুক্ত হৈ আছিল।

ঘটনাৰ পিছতে অভিযুক্ত ৰঞ্জনক আটক কৰি বৰ্তমান জেৰা চলাই থকা হৈছে যদিও কি কাৰণত তেওঁ এই কাণ্ড সংঘটিত কৰিলে সেয়া জানিব পৰা হোৱা নাই। আনহাতে অভিযুক্ত জোৱানজনে নিজেও গুলীয়াই আত্মহত্যাৰ চেষ্টা চলাইছিল বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে যোৱা জানুৱাৰী মাহতো একেধৰণৰ এক ঘটনা সংঘটিত হৈছিল, এজন চি আৰ পি এফ জোৱানে কেম্পত চলোৱা নিৰ্বিচাৰ গুলীচালনাত এগৰাকী সতীৰ্থ নিহত হোৱাৰ লগতে আন এজন আহত হৈছিল।

লগতে পঢ়ক : অশোক শইকীয়াৰ জামিন মঞ্জুৰ কৰিলে আদালতে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply