নিউজ ডেস্কঃ ৰাছিয়া- ইউক্ৰেইনৰ যুদ্ধৰ বাবে বিশ্বৰ প্ৰায়বোৰ দেশে এতিয়া ৰাছিয়াৰ পৰা কোনো ধৰণৰ খাৰুৱা তেল ক্ৰয় কৰা নাই। কিন্তু তাৰ মাজতেই ভাৰতৰ বন্ধু ৰাষ্ট্ৰ ৰাছিয়াৰ আমদানি কৰি আহিছে বৃহৎ পৰিমাণৰ তেল। শেহতীয়া ভাৱে ভাৰতীয় ৰিজাৰ্ভ বেংকে জনোৱা অনুসৰি, ২০২২-২৩ বিত্তীয় বৰ্ষত ভাৰতে ৰাছিয়াৰ পৰা আমদানি কৰা খেৰুৱা তেলৰ পৰিমাণ ১৯ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে।

উক্ত বিত্তীয় বৰ্ষত ভাৰতে মুঠ ১৬২.২ বিলিয়ন মার্কিন ডলাৰৰ মূল্যৰ খাৰুৱা তেল আমদানি কৰাৰ বিপৰীতে ইয়াৰ পূৰ্ব বিত্তীয় বৰ্ষ ২০২১-২২ ত ১০৭.৫ বিলিয়ন মার্কিন ডলাৰ খাৰুৱা তেল আমদানি কৰিছিল বুলি ভাৰতীয় ৰিজাৰ্ভ বেংকে প্রকাশ কৰা বাৰ্ষিক সমীক্ষাত তথ্য প্ৰকাশ পাইছে।

কিন্তু ভাৰতীয় বাণিজ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ২০২২-২৩ বিত্তীয় বৰ্ষত ভাৰতে ৰাছিয়াৰ পৰা আমদানি কৰা খেৰুৱা তেলৰ পৰিমাণ প্ৰায় ১৪ গুণ বৃদ্ধি পাইছে। সেই অনুসৰি, ২০২২-২৩ বিত্তীয় বৰ্ষত ৩১.০২ বিলিয়ন মার্কিন ডলাৰৰ খাৰুৱা তেল ক্ৰয় কৰাৰ বিপৰীতে ২০২১-২২ বিত্তীয় বৰ্ষত ২.২ বিলিয়ন মার্কিন ডলাৰৰ পৰিমাণ আমদানি কৰিছে বুলি তথ্য প্ৰকাশ পাইছে।

উল্লেখ্য যে, ভাৰতে সাধাৰণে সৰ্বাধিক হাৰত খাৰুৱা তেল ছৌডি আৰব, মধ্য প্ৰাচ্য, ইৰাক, কুৱেইট আদিৰ দৰে ৰাষ্ট্ৰৰ পৰা আমদানি কৰে। কিন্তু ৰাছিয়া- ইউক্ৰেইনৰ যুদ্ধৰ পিছৰে পৰা ৰাছিয়াৰ খাৰুৱা তেল ইউৰোপীয় ৰাষ্ট্ৰসমূহে আমদানি বন্ধ কৰাত মূল্য নিম্নগামী হয়। যাৰ ফলত ভাৰতে অন্য ৰাষ্ট্ৰৰ পৰা খাৰুৱা তেল অধিক মূল্যত ক্ৰয় কৰাতকৈ বন্ধু দেশৰ ৰাছিয়াৰ পৰা আমদানি কৰা আৰম্ভ কৰে।

লগতে পঢ়ক – জনতাক পুনৰ মাধমাৰ APDCLৰ : বৃদ্ধি পালে বিদ্যুৎৰ প্ৰতি ইউনিটৰ মাচুল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply