নিউজ ডেস্ক: ৰাছিয়া-ইউক্ৰেইন মাজত চলি থকা যুদ্ধৰ ফলত আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ ব্যাপক মূল্য বৃদ্ধি ঘটিছে। মঙলবাৰে (৮ মাৰ্চ) আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ (Brent Crude Oil) মূল্যই প্ৰতি বেৰেলত ১৩০ মাৰ্কিন ডলাৰ স্পৰ্শ কৰে।

আনহাতে মঙলবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনে ৰাছিয়াৰ পৰা সকলো ধৰণৰ খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ আমদানিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত খাৰুৱা তেলৰ মূ্ল্য আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যম INDIATVৰ এক বাতৰিত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ ফলত ভাৰতত প্ৰেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ১৫১ টকা আৰু ডিজেলৰ মূল্য ১১০ টকা অতিক্ৰম কৰিব পাৰে বুলি কোৱা হৈছে।

খাৰুৱা তেলৰ এই মূল্যবৃদ্ধিয়ে ভাৰতৰ তেলৰ বজাৰতো প্ৰভাৱ পেলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সিতাৰমণে খাৰুৱা তেলৰ মূল্যবৃদ্ধিত উদ্বেগ প্ৰকাশ কৰে।

মঙলবাৰে বিত্ত মন্ত্ৰী গৰাকীয়ে কৰ্ণাটকত অনুষ্ঠিত বিজেপিৰ এক সভাত সাংবাদিকৰ আগত খাৰুৱা তেলৰ মূল্যবৃদ্ধিত উদ্বেগ প্ৰকাশ কৰি কেন্দ্ৰীয় চৰকাৰে খাৰুৱা তেলৰ বিকল্প উৎসৰ সন্ধান কৰি থকা বুলি ইংগিত দিয়ে।

খাৰুৱা তেলৰ মূল্যবৃদ্ধিয়ে ভাৰতৰ অৰ্থনীতিত প্ৰভাৱ পেলাব নেকি বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘নিশ্চয় প্ৰভাৱ পেলাব। এই প্ৰত্যাহ্বানক আমি কিমান দূৰলৈকে গ্ৰহণ কৰি ইয়াৰ পৰা পৰিব পৰা প্ৰভাৱক প্ৰশমিত কৰিব পাৰো তাৰ প্ৰতি আমি ধ্যাণ ৰাখিব লাগিব।’

কেন্দ্ৰিয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰিয়ে তৈল কোম্পানী সমূহে খাৰুৱা তেলৰ মূল্য নিৰ্ধাৰণ কৰিব বুলি উল্লেখ কৰি ভাৰতত খাৰুৱা তেলৰ কোনোধৰণৰ নাটনি নহয় বুলি আশ্বাস প্ৰদান কৰে।

লগতে পঢ়ক – মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নাভিচক আটক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply