নিউজ ডেস্কঃ অপ্ৰত্যাশিত পৰিস্থিতিত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে নগালেণ্ড ভ্ৰমণ স্থগিত ৰাখিছে। ফলস্বৰূপে, নগালেণ্ডৰ চৰকাৰে পোন প্ৰথম বাৰৰ বাবে আয়োজন কৰা “কৰ্পোৰেট সামাজিক দায়বদ্ধতা, বিনিয়োগ আৰু বেঙ্কিং সন্মিলন” স্থগিত ৰাখিব লগা হয়। নগালেণ্ডৰ বিনিয়োগ আৰু উন্নয়ন কৰ্তৃপক্ষৰ দ্বাৰা আয়োজিত এইয়া প্ৰথম চিএছআৰ সন্মিলন আছিল। 

অনুষ্ঠান স্থগিত ৰখাৰ বাবে নগালেণ্ড চৰকাৰে এক বিবৃতি যোগে কয়, “অপ্ৰত্যাশিত পৰিস্থিতিৰ বাবে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নগালেণ্ড ভ্ৰমণসূচী স্থগিত ৰাখিছে। সেয়েহে ৪ জুলাইৰ পৰা ৬ জুলাইলৈকে কোহিমাত অনুষ্ঠিত হ’বলগীয়া বহনক্ষম উন্নয়ন শক্তিশালীকৰণৰ বাবে অংশীদাৰীত্ব শীৰ্ষক সন্মিলন ৰাজ্য চৰকাৰে স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে”।

নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৱে কয় যে বিত্তমন্ত্ৰী গৰাকীৰ নগালেণ্ড ভ্ৰমণৰ নতুন ভ্ৰমণসূচী চূড়ান্ত হোৱাৰ পিছতহে সন্মিলনৰ বাবে নতুন তাৰিখ ঘোষণা কৰা হ’ব। 

নগালেণ্ডত চিএছআৰ বিনিয়োগৰ প্ৰয়োজনীয়তা প্ৰদৰ্শন কৰিবলৈ সন্মিলনখন আয়োজন কৰা হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply