শেহতীয়াকৈ ছচিয়েল মিডিয়াত এটা যৌন নিৰ্যাতনৰ চাঞ্চল্যকৰ ভিডিঅ’ ভাইৰেল হৈছে। ভিডিঅ’টোত যুৱতীগৰাকীক চাৰিজন যুৱকে সম্পূৰ্ণৰূপে বিবস্ত্ৰা কৰি যৌন নিৰ্যাতন চলোৱা দেখা গৈছে। এই ঘৃণনীয় কাৰ্যত সহযোগ কৰিছে এগৰাকী মহিলাই। বুকু কঁপি যোৱা এই জঘন্যতম ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।
ভাইৰেল ভিডিঅ’ৰ ৫ অভিযুক্তক গ্ৰেপ্তাৰ। চাৰিজন যুৱক আৰু এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
বাংগালুৰুত গ্ৰেপ্তাৰ কৰা হৈছে আটাইকেইজনকে। বাংগালুৰুৰ এনআৰআই কলনীত সংঘটিত হৈছিল জঘন্য ঘটনা। আজি আবেলি ৰামমূৰ্তিনগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।আটক কৰা কেইজন হ’ল মহম্মদ বাবা শ্বেইখ, ৰিদয় বাবু, সাগৰ ,অখিল আৰু মহিলা গৰাকীৰ পৰিচয় প্ৰকাশ কৰা নাই।
বাংলাদেশ আৰক্ষীৰ ভাষ্য
আনহাতে বৃহস্পতিবাৰে এক সংবাদ মেল আয়োজন কৰি বাংলাদেশৰ ঢাকা আৰক্ষীয়ে দাবী কৰে যে নিৰ্যাতিতা আৰু এজন অভিযুক্ত বাংলাদেশৰ নাগৰিক। ঢাকা মহানগৰ আৰক্ষীৰ তেজগাঁৱৰ উপ–আয়ুক্ত মহম্মদ ছহিদুল্লাহে কয় যে, নিৰ্যাতনৰ ঘটনাটো ভাৰতৰ কেৰালাৰ। কিন্তু নিৰ্যাতিতা আৰু এজন অভিযুক্ত বাংলাদেশী নাগৰিক। ভিডিঅ’ চাই তেওঁলোকক চিনাক্ত কৰা হৈছে। যৌন নিৰ্যাতনৰ এই ঘটনা সংঘটিত হৈছিল ১৫–১৬ দিন পূৰ্বে।
বাংলাদেশৰ সংবাদ মাধ্যমৰ মতে, উপ–আয়ুক্ত মহম্মদ ছহিদুল্লাহে জনায়, অনুসন্ধানত অভিযুক্ত এজন যুৱকৰ সৈতে ৰাজধানীৰ হাতিৰঝিলৰ মগবাজাৰ অঞ্চলৰ এজন যুৱকৰ ফেচবুক একাউণ্টত পোষ্ট কৰা ফটোৰ মিল পোৱা গৈছে। পিছত ফেচবুক একাউণ্টৰ আঁত ধৰি সঠিক নাম আৰু ঠিকনা চিনাক্ত কৰা হয়।
ভাইৰেল ভিডিঅ’ টোৰ সম্পৰ্কত দুটা স্থানৰ পৰা দুটা খবৰ আজিৰ দিনটোত পোহৰলৈ আহে । দোষীয়ে কঠোৰ শাস্তি আৰু মহিলা গৰাকীয়ে ন্যায় পোৱাৰ দাবী সমগ্ৰ দেশতে ।