মহাৰাষ্ট্ৰত কোৰোনা ভাইৰাছৰ ভয়াবহ ৰূপত বৃদ্ধি পাবলৈ ধৰাৰ পিছতেই ৰাজ্য চৰকাৰে বুধবাৰৰ নিশা ৮ বজাৰ পৰা আগন্তুক ১৫দিনৰ বাবে সান্ধ্যআইন জাৰি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেয়ে ঘোষণা কৰে এই কথা।
ৰাজ্যখনত ল’কডাউন সদ্যহতে দিয়া নহয় বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী উদ্ধব থাকৰেই । মহাৰাষ্ট্ৰত কোৰোনাৰ সংক্ৰমণ ভয়াবহ ৰূপত বৃদ্ধি পোৱাৰ বাবেই ইয়াৰ সংযোগ ডাল চিঙিবৰ বাবেই এই সিদ্ধান্ত লৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।
যোৱা ২৪ ঘন্টাত মহাৰাষ্ট্ৰত আকৌ ৬০ সহস্ৰাধিক লোকৰ দেহত কোভিড পজিটিভ ধৰা পৰিছে।
আজিৰে পৰা হবলগা সান্ধ্যআইনৰ পৰিপ্ৰেক্ষিতত মহাৰাষ্ট্ৰত থকা বাহিৰৰ লোকসকল এতিয়া ভীৰ কৰিছেহি বিভিন্ন ৰেলৱে ষ্ট্ৰেচনত।যোৱাসময় চোৱাত লকডাউনৰ বাবে বিভিন্ন ৰাজ্যত থকা মজদুৰ সকলে যথেষ্ট কষ্টৰ সন্মুখীন হৈছিল | সেইবাবেই এইবাৰ তেনে পৰিস্থিতিৰ সন্মুখীন হয় বুলিয়েই তাৰ পৰা নিজ গৃহলৈ ঢাপলি মেলিছে। বিশেষকৈ উত্তৰ প্ৰদেশ , বিহাৰ সহ উত্তৰ ভাৰতৰ হাজাৰ হাজাৰ লোকে ভীৰ কৰিছে ৰেল ষ্টেচনত।
বিগত ২৪ ঘন্টাত ভাৰতত কোৰোনাত আক্ৰান্ত হৈছে ১,৮৪,৩৭২ জনৰ । এই সময়চোৱাত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে ১০২৭ জনৰ । দেশত বৰ্তমানলৈ সৰ্বমুঠ কোৰোনাত আক্ৰান্ত হৈছে ১,৩৮,৭৩,৮২৫ জনৰ ।
কোৰোনাত আক্ৰান্ত হৈ দেশত বৰ্তমানলৈ সৰ্বমুঠ মৃত্যু হৈছে ১,৭২,০৮৫ জন ।
বৰ্তমানৈ ১১,১১,৭৯,৫৭৮ জন লোকক প্ৰদান কৰা হয় কোভিড ভেকচিন ।