নিউজ ডেস্ক : উত্তপ্ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শ্বিলঙত সান্ধ্য আইনৰ সময় সীমা বৃদ্ধি। ১৮ আগষ্টৰ পুৱা ৫ বজালৈ শ্বিলঙত বৃদ্ধি কৰা হ’ল সান্ধ্য আইন। ম’বাইল ইণ্টাৰনেটৰ নিষেধাজ্ঞা অতিৰিক্ত ২৪ ঘণ্টাৰ বাবে বৃদ্ধি। মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ নেতৃত্বাধীন কেবিনেটৰ এই সিদ্ধান্ত।
মেঘালয়ৰ পৰিস্থিতি এতিয়াও উত্তপ্ত হৈ আছে। ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত সোমবাৰে মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ নেতৃত্বাধীন কেবিনেটৰ বৈঠক অনুষ্ঠিত কৰা হয়। কেবিনেটৰ বৈঠকত শ্বিলঙত সান্ধ্য আইনৰ সীমা ১৮ আগষ্ট পুৱা ৫ বজালৈ বৃদ্ধি কৰা হয়।
ইফালে ১৩ আগষ্টৰ ঘটনাৰ ন্যায়িক তদন্তৰ ঘোষণাও কৰিছে কেবিনেটে। উপ-মুখ্যমন্ত্ৰী পি টিনছঙৰ অধ্যক্ষতাত শান্তি কমিটী গঠন কৰিছে মেঘালয় চৰকাৰে। আইন শৃংখলা পৰ্যৱেক্ষণৰ বাবে উপসমিতিৰো গঠন কৰাৰ সিদ্ধান্ত লৈছে কেবিনেটে।
লগতে পঢ়ক : লণ্ডন অলিম্পিকত শিখা বহনকাৰী পিংকী কৰ্মকাৰলৈ ৰাজ্য চৰকাৰে প্ৰদান কৰিলে নিযুক্তি পত্ৰ
উল্লেখযোগ্য যে প্ৰাক্তন এইচ এন এল চি নেতা চেষ্টাৰফিল্ড থাংখিউৰ হত্যাৰ পিছতে অগ্নিগৰ্ভা হৈ পৰিছে মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ। শুকুৰবাৰে পুৱতী নিশা মেঘালয় আৰক্ষীৰ গুলীত নিহত হৈছিল চেষ্টাৰফিল্ড থাংখিউ।