বংগোপসাগৰত সৃষ্টি হোৱা সামুদ্ৰিক ঘূৰ্ণিবতাহ ‘অশনি’য়ে উত্তৰ পূৰ্বাঞ্চলতো কিছু প্ৰভাব পেলাব। কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই অশনিয়ে উত্তৰ-পূৱকো ক্ষতিৰ সম্ভাৱনা প্ৰকাশ কৰিছে ।

বৰ্তমান বংগোপ সাগৰত প্ৰতি ঘণ্টাত ৯০ কিলোমিটাৰ গতিত আহি থকা অশনিৰ গতি ক্ৰমাৎ বৃদ্ধি পাই আছে । অহা ২১ মাৰ্চত বাংলাদেশৰ উপকুলত খুন্দা মাৰিব অশনিয়ে ।


ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উল্লেখ কৰে যে,অশনিয়ে বাংলাদেশৰ ওপৰেৰে পাৰ হৈ উত্তৰ ম্যানমাৰৰ উপকূলত প্ৰৱেশ কৰিব।


এই সময়ছোৱাতে উত্তৰ পূৰ্বাঞ্চলতো ইয়াৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা প্ৰকাশ কৰিছে । এই ঘূৰ্ণী বতাহ জাক নামটো দিছে শ্ৰীলংকাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply