বাৰ্জ দুৰ্ঘটনা

ঘূৰ্ণীবতাহ টাউতেৰ ফলত গুজৰাটৰ উপকূলীয় অঞ্চলত বিস্তৰ ক্ষয় ক্ষতি হৈছে । শেহতীয়াকৈ গুজৰাটৰ ১২ খন জিলাত ৪৫ জন লোকৰ মৃত্যু হোৱাৰ খবৰ। প্ৰধানমন্ত্ৰীয়ে আজি বিমানযোগে গুজৰাটৰ পৰিস্থিতিৰ বুজ লয় । ৰাজ্য চৰকাৰৰ সৈতে হোৱা আলোচনাৰ অন্তত ৰাজ্য খনলৈ ১০০০ কোটি টকাৰ সাহাৰ্য্য দিয়াৰ কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰীয়ে ।
সোমবাৰে সন্ধিয়া দুৰ্ঘটনাত পতিত হৈ আৰৱ সাগৰত ডুব গৈছিল বাৰ্জ পি৩০৫ । ফলত বাৰ্জ পি৩০৫ থকা যাত্ৰীসকলক উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে । নৌ সেনা বাহিনীৰ সুত্ৰই শেহতীয়াকৈ প্ৰকাশ কৰা মতে ইতিমধ্যে প্ৰায় ২২ টাকৈ মৃতদেহ উদ্ধাৰ কৰা হৈছে । ২৭৩ গৰাকী লোকৰ ভিতৰত বাৰ্জ পি৩০৫-ৰ পৰা ১৮৪ গৰাকীক উদ্ধাৰ কৰিছে নৌ সেনা বাহিনীয়ে ।

নৌ সেনাই বুধবাৰে জনোৱা মতে প্ৰতিকূল বতৰৰ বাবে অতি কষ্টৰে কৰ্মচাৰীসকলে এতিয়ালৈকে বাৰ্জ পি৩০৫ ত থকা ২৭৩ জন লোকৰ ভিতৰত ১৮৪ জনক উদ্ধাৰ কৰিছে । ইফালে ঘূৰ্ণীবতাহ টাউতেৰ প্ৰকোপে জাহাজবোৰ কঢ়িয়াই নিয়াৰ পিছতো আন দুখন বাৰ্জ আৰু এটা তেলৰ ৰিগত থকা সকলো কৰ্মচাৰী সুৰক্ষিত আছে ।
সোমবাৰে ৭০৭ জন কৰ্মচাৰীৰ সৈতে তিনিখন বাৰ্জ আৰু এটা অইল ৰিগৰ যান্ত্ৰিক বিজুতি ঘটিছিল

আৰু পঢ়ক অসম চৰকাৰৰ আমোলা পৰ্যায়ত ৰদ-বদল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply