নিউজ ডেস্ক : ক্ৰমান্বয়ে দেশত ক’ভিড আক্ৰান্তৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছে। সোমবাৰে ভাৰতত ৬০,৪৭১ টা নতুন ক’ভিড পজিটিভ কেচ ধৰা পৰে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি কালিৰ দিনটোত দেশত আক্ৰান্তৰ হাৰ আছিল ৩.৪৫ শতাংশ।
যোৱা ৭৫ দিনৰ পিছত কালিৰ দিনটোত আটাইতকৈ কম সংখ্যক ক’ভিড পজিটিভ চিনাক্ত হৈছে।
সোমবাৰে মুঠ ১৭,৫১,৩৫৮ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল।
লগতে পঢ়ক : ইউৰো কাপ ২০২১ : দলৰ তালিকা, সময়সূচী, ক’ত আৰু কিদৰে উপভোগ কৰিব
বৰ্তমান ভাৰতত মুঠ ক’ভিড পজিটিভ লোকৰ সংখ্যা হৈছে ২,৯৫,৭০,৮৮১ গৰাকী।
যোৱা ২৪ ঘণ্টাত ২,৭২৬ গৰাকী লোকৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয়। এই পৰ্য্যন্ত দেশত মুঠ ৩,৭৭,০৩১ গৰাকী ক’ভিড ৰোগীৰ মৃত্যু হৈছে।
ইয়াৰ উপৰি যোৱা ২৪ ঘণ্টাত ৫৯,৭৮০ ক’ভিড পজিটিভ ৰোগী সুস্থ হৈ উঠিছে। সাপ্তাহিক পজিটিভিটিৰ হাৰ ৪.৩৯ লৈ হ্ৰাস পাইছে।
উল্লেখযোগ্য এই পৰ্য্যন্ত দেশৰ ২৫,৯০,৪৪,০৭২ গৰাকী লোকক ক’ভিডৰ টীকাকৰণ কৰা হৈছে।