নিউজ ডেস্ক : বৃহস্পতিবাৰে ভাৰতত ৯১,৭০২ টা নতুন ক’ভিড পজিটিভ কেচ ধৰা পৰে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি কালিৰ দিনটোত দেশত আক্ৰান্তৰ হাৰ আছিল ৪.৪৯ শতাংশ।
যোৱা দুমাহৰ পিছত একেৰাহে চাৰিটা দিনৰ বাবে দেশত দৈনিক ১ লাখতকৈ তলত ক’ভিড পজিটিভ চিনাক্ত হৈ আছে।
বৃহস্পতিবাৰে মুঠ ২০,৪৪,১৩১ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল।
লগতে পঢ়ক : চাকৰি! ভাৰতীয় সেনা বাহিনীত নিযুক্তি মুকলি
বৰ্তমান ভাৰতত মুঠ ক’ভিড পজিটিভ লোকৰ সংখ্যা হৈছে ২,৯২,৭৪,৮২৩ গৰাকী।
যোৱা ২৪ ঘণ্টাত ৩,৪০৩ গৰাকী লোকৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয়। এই পৰ্য্যন্ত দেশত মুঠ ৩,৬৩,০৭৯ গৰাকী ক’ভিড ৰোগীৰ মৃত্যু হৈছে।
ইয়াৰ উপৰি যোৱা ২৪ ঘণ্টাত ৪৬,২৮১ ক’ভিড পজিটিভ ৰোগী সুস্থ হৈ উঠিছে।