ধৰ্মশালাৰ জৰ্নেল হস্পিতালত কৰোণা ভেকচিন লোৱাৰ মূহুৰ্ত্তত দালাই লামা
ধৰ্মশালাৰ জৰ্নেল হস্পিতালত কৰোণা ভেকচিন লোৱাৰ মূহুৰ্ত্তত দালাই লামা

নিউজ ডেস্ক- শনিবাৰে হিমাচলৰ ধৰ্মশালাত কৰোণা ভাইৰাছৰ ভেকচিন ল’লে ধৰ্মগুৰু দালাই লামাই। পুৱা ৭ বাজি ১০ মিনিটত জ’নেল হস্পিতালত ভেকচিন গ্ৰহণ কৰিলে ধৰ্মগুৰু গৰাকীয়ে। ভেকচিন লোৱাৰ পিছত ১ঘণ্টাৰ বাবে তেওঁক হস্পিতালত নিৰীক্ষণত ৰখা হৈছিল। 

৮৫বছৰীয়া দালাই লামাই কভিড-১৯ৰ প্ৰথমটো ড’জ গ্ৰহণ কৰে। কভিড ভেকচিন লোৱাৰ পিছত ধৰ্মগুৰু গৰাকীয়ে হস্পিতালখনৰ চিকিৎসক, স্বাস্থ্যকৰ্মীৰ লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰকো ধন্যবাদ জনায়। উল্লেখ্য যে, দেশত বৰ্তমানলৈ প্ৰায় ১ কোটি ৯৫ লাখ লোকক প্ৰদান কৰা হৈছে ভেকচিন। 

দালাই লামা তিব্বতৰ ১৪তম ধৰ্মগুৰু। তেখেতৰ জন্ম ১৯৩৫ চনৰ ৬ জুলাইত তিব্বতৰ আমডো অঞ্চলৰ এখন সৰু গাঁৱত হৈছিল।

দেশত ক্ৰমান্বয়ে কিছু পৰিমাণে বাঢ়িছে কৰোণাৰ সংক্ৰমণ। ধৰ্মগুৰু গৰাকীয়ে এই ক্ষেত্ৰত সকলোকে আগবাঢ়ি আহি  কৰোণাৰ ভেকচিন গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply