নিউজ ডেস্ক: আফগানিস্তানত উগ্ৰপন্থীৰ আক্ৰমণত নিহত হোৱা ফটো সাংবাদিক ডানিছ চিদ্দিকীক মৰণোত্তৰভাৱে পুলিৎজাৰ বঁটা প্ৰদান কৰা হৈছে। ডানিছৰ লগতে চাৰিজন ভাৰতীয়ক প্ৰদান কৰা হৈছে ২০২২ বৰ্ষৰ পুলিৎজাৰ বঁটা।
সোমবাৰে পুলিৎজাৰ বঁটাৰ ফিচাৰ ফটোগ্ৰাফী শিতানত ভাৰতৰ ডানিছ চিদ্দিকী, আদনান আবিগি, ছানা ইৰশাদ মাট্টু আৰু অমিত ডেভৰ নাম ঘোষণা কৰা হয়। তেওঁলোক আটাইকেইজন সংবাদ এজেন্সি ‘ৰয়টাৰ্ছ’ৰ ফটো সাংবাদিক।
চিদ্দিকী আৰু তেওঁৰ সহকৰ্মীক ভাৰতত ক’ভিডৰ সংক্ৰমণে সংহাৰী ৰূপ লোৱাৰ সময়ত তোলা ফটোগ্ৰাফসমূহৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে বুলি পুলিৎজাৰৰ ৱেবছাইটত কোৱা হৈছে।
উল্লেখযোগ্য যে যোৱা বছৰ আফগানিস্তানত তালিবানী উগ্ৰপন্থীয়ে চলোৱা আক্ৰমণত ৩৮ বছৰীয়া ডানিছ চিদ্দিকীৰ মৃত্যু হৈছিল। ডানিছৰ এইটো দ্বিতীয়টো পুলিৎজাৰ বঁটা। ইয়াৰ পূৰ্বে ২০১৮ চনত তেওঁ ৰোহিঙীয়া শৰণাৰ্থীৰ সংটকৰ সময়ত তোলা ফোটৰ বাবে পুলিৎজাৰ লাভ কৰিছিল।
লগতে পঢ়ক – বিখ্যাত সন্তুৰ বাদক পণ্ডিত শিৱ কুমাৰ শৰ্মাৰ দেহাৱসান