নিউজ ডেস্কঃ মধ্যপ্ৰদেশৰ শিক্ষা মন্ত্ৰী ইন্দৰ সিং পৰমাৰৰ বাসগৃহত উদ্ধাৰ হৈছে এটি মৃতদেহ। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, মধ্যপ্ৰদেশৰ ছাজাপুৰ জিলাস্থিত বাসগৃহত মঙলবাৰে উদ্ধাৰ কৰা হয় মহিলাগৰাকীৰ মৃতদেহ।

ইতিমধ্যে ইন্দৰ সিং পৰমাৰৰ পৰিয়ালৰ লোকে বোৱাৰীগৰাকীৰ মৃত্যুৰ হোৱা বুলি ঘোষণা কৰিছে।মৃতদেহটো উদ্ধাৰ কৰাৰ পাছতে পৰিয়ালৰ লোকে মহিলাগৰাকীয়ে আত্মহত্যা কৰা বুলি সন্দেহ কৰিছে যদিও আৰক্ষীয়ে এই সন্দৰ্ভত বৰ্তমানলৈ স্পষ্টকৈ কোনো কথা কোৱা নাই।

ইফালে, এএনআইৰ খবৰ অনুসৰি, এই ঘটনাৰ মূল কাৰণ ঘৰুৱা হিংসা। উল্লেখ্য যে, ২২ বছৰ বয়সীয়া সবিতা পৰমাৰে ইন্দৰ সিং পৰমাৰৰ পুত্ৰ দেৱৰাজ সিঙৰ সৈতে তিনিবছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল।

আনহাতে, বুধবাৰে পুৱাই মহিলাগৰাকীৰ মৃতদেহ ফৰেন্সিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে। অৱশ্যে এয়া আত্মহত্যা নে হত্যা সেয়া মৰণোত্তৰ পৰীক্ষাৰ পাছতহে জানিব পৰা যাব

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply Cancel reply