নিউজ ডেস্কঃ দক্ষিণ পাকিস্তানৰ এখন বিলাসী হোটেলত ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে।

বিস্ফোৰণত নিহত চাৰিজন আৰু গুৰুতৰ ভাৱে আহত হয় ১২জনকৈ লোক।

কুৱেট্টা মহানগৰৰ ”ছেৰেনা” নামৰ এখন বিলাসী হোটেলত সংঘটিত হয় এই বোমা বিস্ফোৰণ।

হোটেলখনৰ গাড়ী পাৰ্কিঙত সংঘটিত হৈছে এই বিস্ফোৰণ।

জানিব পৰা মতে,হোটেলখনত চীনৰ ৰাষ্ট্ৰদূতে বাহৰ পাতি আছিল।

যেতিয়া বিস্ফোৰণটো সংঘটিত হৈছিল সেইসময়ত ৰাষ্ট্ৰদূতজন এখন সভাৰ বাবে ওলাই গৈছিল।

সুৰক্ষাবাহিনীৰ মতে এখন গাড়ী পাৰ্কিঙত প্ৰৱেশ কৰাৰ কেইমিনিট মানৰ পিছতে বোমা বিস্ফোৰণটো সংঘটিত হয়।

এইটো এটা আত্মঘাটি আক্ৰমণ নে কি আছিল সেই বিষয়ে আৰক্ষী-প্ৰশাসনে অনুসন্ধান কৰি আছে।

বৰ্তমান সমগ্ৰ মহানগৰ খনতে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে প্ৰশাসনে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,686 other subscribers

Leave a comment

Leave a Reply