নিউজ ডেস্কঃ শুকুৰবাৰে সন্ধিয়া উৰিষ্যাৰ বালাচোৰ জিলাত সংঘটিত ৰে’ল দুৰ্ঘটনাত মৃত্যুৰ হোৱা লোকৰ সংখ্যা ২৩৩ জনলৈ বৃদ্ধি। দুৰ্ঘটনাটোত প্ৰায় ৯০০ ৰো অধিক যাত্ৰী আহত হৈছে বুলি জানিব পৰা গৈছে। বালাচোৰৰ বাহাঙ্গা বজাৰ ষ্টেচনৰ ওচৰত সন্ধিয়া প্ৰায় ৭ বজাত দুৰ্ঘটনাটো সংঘটিত হৈছিল। হাওৰাৰ পৰা চেন্নাই অভিমুখী আছিল দুৰ্ঘটনাগ্ৰস্ত কৰমণ্ডল এক্সপ্ৰেছ এখন মালবাহী ৰে’লৰ সৈতে হৈছিল মুখামুখি সংঘৰ্ষ। সংঘৰ্ষৰ ফলত কৰমণ্ডল এক্সপ্ৰেছৰ ১৭ দবাই হৈছে লাইনচ্যুত৷

কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে শনিবাৰে ৰাতিপুৱা ঘটনাস্থলী পৰিদৰ্শন কৰে। ৰে’ল মন্ত্ৰালয়েও উক্ত ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে। ইফালে, এন ডি আৰ এফৰ তিনিটা দল আৰু ২০ টাতকৈও অধিক অগ্নি নিৰ্বাপক আৰু উদ্ধাৰকাৰী দলক উদ্ধাৰ অভিযানৰ বাবে মোতায়েন কৰা হৈছে। তাত প্ৰায় ১,২০০ উদ্ধাৰকাৰী কৰ্মী আছে বুলি জানিব পৰা গৈছে।

ভুৱনেশ্বৰৰ আৰক্ষী বিষয়াসকলে কয় যে, ঘটনাস্থলীত প্ৰায় ১১৫ খন এম্বুলেন্স, ৫০ খন বাছ আৰু ৪৫ টা ভ্ৰাম্যমাণ স্বাস্থ্য গোট মোতায়েন কৰা হৈছে। লগতে, এনডিআৰএফ, ৰাজ্য চৰকাৰৰ দল আৰু বায়ু সেনাৰ হেলিকপ্টাৰ উদ্ধাৰ অভিযানত উপস্থিত হৈছে। ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছিল যে উদ্ধাৰকাৰী দলবোৰ ভুৱনেশ্বৰ আৰু কলকাতাৰ পৰা প্ৰেৰণ কৰা হৈছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই ভুৱনেশ্বৰৰ এইমছত আহতসকলৰ বাবে পৰ্যাপ্ত বিচনা আৰু আইচিইউকে ধৰি প্ৰয়োজনীয় ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে। দুৰ্ঘটনাৰ পথত ছয়খন ৰেল বাতিল কৰা হৈছে। একে সময়তে, বহুতো ৰেলৰ পথ সলনি কৰা হৈছে। উদ্ধাৰৰ পিছত, ট্ৰেকৰ মেৰামতিৰ কাম আৰম্ভ হ’ব।

ইয়াৰোপৰি, উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে ঘটনাটোত শোক প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে ৰাজ্যিক শোকৰ দিন ঘোষণা কৰিছে। শনিবাৰে অনুষ্ঠিত হ’বলগীয়া গোৱা-মুম্বাই বন্দে ভাৰত এক্সপ্ৰেছ খন ৰে’ল দুৰ্ঘটনাৰ পিছত বাতিল কৰা হৈছে।

উক্ত দুৰ্ঘটনাটোৰ পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মু, গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাজ্য খনৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে শোকপ্ৰকাশ কৰিছে। ইয়াৰ সমান্তৰালকৈ ৰেল মন্ত্ৰীয়ে নিহতৰ পৰিয়াললৈ ১০ লাখ টকা, গুৰুতৰ ভাৱে আহতলৈ ২ লাখ টকা, সামান্য আঘাতপ্ৰাপ্তলৈ ৫০ হাজাৰ টকাৰ সাহায্য ঘোষণা কৰিছে।

লগতে পঢ়ক – উৰিষ্যাৰ বালাচোৰত শোকাবহ ৰেল দুৰ্ঘটনাত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply