নিউজ ডেস্ক : শনিবাৰে হাইটিত হোৱা প্ৰবল ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰায় ১৩০০ জনলৈ বৃদ্ধি পাইছে। ভূমিকম্পৰ এদিন পিছত দেওবাৰে নিহতৰ সংখ্যা ১২৯৭ জনলৈ বৃদ্ধি পায়।   

মাৰ্কিন জিঅ’লজিকেল ছাৰ্ভেৰ তথ্য মতে ভূমিকম্পৰ অভিকেন্দ্ৰ হাইটিৰ ৰাজধানী Port-au-Prince –ৰ পৰা ১২৫ কিলোমিটাৰ নিলগৰ এক স্থানত আছিল।

ভূমিকম্পটোৰ ফলত কেৰিবিয়ান দেশখনৰ কমেও ৫,৭০০ জন লোক আহত হোৱাৰ লগতে ঘৰ-দুৱাৰ ধ্বংস হোৱাৰ বাবে হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছে। যাৰ ফলত এতিয়া আহতসকলে হস্পিতালৰ অভাৱত ভংয়কৰ গৰমত মুকলি আকাশৰ তলতে দিন পাৰ কৰিব লগীয়া হৈছে।

দেশখনৰ প্ৰধান মন্ত্ৰী Ariel Henry  –এ এমাহৰ বাবে সমগ্ৰ দেশখনতে ইমাৰ্জেন্সি ঘোষণা কৰিছে।

জানিব পৰা মতে, ৭০০০ কৈ অধিক ঘৰ ধ্বংস হোৱাৰ লগতে প্ৰায় ৫০০০ টা ঘৰৰ ক্ষতিসাধন হৈছে। ইয়াৰ উপৰি হস্পিতাল, বিদ্যালয়, কাৰ্য্যালয় আৰু গীৰ্জা ঘৰ আদিৰো ক্ষতিসাধন হৈছে।

মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনে ইতিমধ্যে দেশখনলৈ সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে আৰু ইয়াৰ বাবে USAID Administrator Samantha Power-ক তদাৰক কৰিবলৈ নিৰ্দেশ দিছে।

লগতে পঢ়ক : তালিবানৰ দখলত আফগানিস্তানৰ ৰাজধানী; বন্ধ বিমানসেৱা, ভাৰতীয় নাগৰিকৰ মাজত হাহাকাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply