নিউজ ডেস্ক: বাংলাদেশত অলপতে সংঘটিত এক নাও দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৪ জনলৈ বৃদ্ধি পাইছে। তদুপৰি দুৰ্ঘটনাৰ দুটা দিন পাৰ হৈ যোৱাৰ পিছতো নাওখনত থকা আন ২০জন যাত্ৰী সন্ধানহীন হৈ আছে বুলি জানিব গৈছে।
উল্লেখযোগ্য যে যোৱা দেওবাৰে মহালয়া উপলক্ষে উত্তৰ-পশ্চিম বাংলাদেশৰ পঞ্চগড় জিলাত বদেশ্বৰী মন্দিৰত পুজা আগবঢ়াবলৈ যোৱা একাংশ লোকক কঢ়িয়াই নিয়া এখন নাওঁ কৰতোৱা নদীত দুৰ্ঘটাত পতিত হয়।
নাওঁখনত মহিলা আৰু শিশু যাত্ৰীও আছিল বুলি জানিব পৰা গৈছে। বাংলাদেশৰ সংবাদ পত্ৰ ঢাকা ট্ৰিবিউনত প্ৰকাশ পোৱা মতে মঙলবাৰে পুৱা স্থানীয় প্ৰশাসনে উদ্ধাৰ অভিযান চলাই ১৪ টা মৃতদেহ উদ্ধাৰ কৰে।
ইয়াৰ পূৰ্বৰ দিন দুটাত চলোৱা উদ্ধাৰ অভিযানত উদ্ধাৰকাৰী দলে ৫০ মৃতদেহ উদ্ধাৰ কৰিছিল বুলি পঞ্চগড় জিলাৰ অতিৰিক্ত উপায়ুক্ত দীপাংকৰ ৰয়ে নিউজ পৰ্টেল bdnews 24.com-ক সদৰী কৰিছিল।
দুৰ্ঘটনাটোৰ একাংশ প্ৰত্যক্ষদৰ্শীৰ মতে নাওঁখনত ১৫০ জনতকৈ অধিক যাত্ৰী আছিল, ইয়াৰে একাংশ যাত্ৰীয়ে নদীৰ পাৰলৈ সাঁতুৰি নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়।
লগতে পঢ়ক – অৰুণাচল প্ৰদেশত আলফা স্বাধীনৰ কেডাৰ আটক