নিউজ ডেস্ক: যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ চুমি (Sumy) চহৰত আৱদ্ধ হৈ থকা ভাৰতীয় শিক্ষাৰ্থীসকলৰ নিৰাপত্তাক লৈ উদ্বিগ্ন হৈ পৰিছে ভাৰত চৰকাৰ। পূব ইউক্ৰেইনৰ এই চহৰখনত আৱদ্ধ হৈ থকা ভাৰতীয় শিক্ষাৰ্থীসকলে যাতে সুকলমে তাৰ পৰা ওলাই আহিব পাৰে তাৰ বাবে ৰাছিয়া আৰু ইউক্ৰেইন চৰকাৰৰ ওপৰত বিভিন্ন পক্ষৰ দ্বাৰা ‘জোৰ’ দিছে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে শনিবাৰে জনোৱা মতে ভাৰতীয় শিক্ষাৰ্থীসকলক পৰাপক্ষত নিৰাপদ আশ্ৰয়স্থলত থাকিবলৈ আহ্বান জনোৱা লগতে অনাৱশ্যক ৰিস্ক নল’বলৈ পৰামৰ্শ দিয়ে।

কেন্দ্ৰীয় চৰকাৰ ‘শিক্ষাৰ্থীসকলক লৈ যথেষ্ট চিন্তিত হৈ আছে’ বুলি তেওঁ লগতে উল্লেখ কৰে।

যোৱা শুকুৰবাৰে অৰিন্দম বাগচিয়ে জনোৱা মতে চুমিত বৰ্তমান প্ৰায় ৭০০ ভাৰতীয় শিক্ষাৰ্থী আৱদ্ধ হৈ আছে। শিক্ষাৰ্থীসকলে SOS বাৰ্তা প্ৰেৰণ কৰি থকাৰ লগতে সামাজিক মাধ্যমত ভিডিঅ’ আদি প’ষ্ট কৰি তেওঁলোকক সুৰক্ষিত স্থানলৈ নিবলৈ চৰকাৰক কাতৰ অনুৰোধ জনাই আছে।

উল্লেখযোগ্য যে ৰাছিয়াৰ সীমান্তৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ নিলগৰ চহৰখন বৰ্তমান ৰাছিয়াৰ সেনাবাহিনীৰ স্থল আক্ৰমণ আৰু এয়াৰষ্ট্ৰাইকত প্ৰায় বিধ্বস্ত হৈ পৰিছে। বৰ্তমান ভাৰতীয় শিক্ষাৰ্থীসকল Medical Institute of Sumy State University -ৰ হোষ্টেলত আশ্ৰয় লৈ আছে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয় আৰু ভাৰতীয় দূতাবাসে শিক্ষাৰ্থীসকলৰ সৈতে অহৰহ যোগাযোগ চলাই ৰাখিছে বুলি বাগচিয়ে জানিবলৈ দিয়ে।

লগতে পঢ়ক – পৌৰ নিৰ্বাচন: বোকাখাতত ফেক্টৰ হ’ব পাৰে নিৰ্দলীয় প্ৰাৰ্থী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply