দিল্লীত কৰ্মস্থ অসমৰ জ্যেষ্ঠ সাংবাদিক নিলাক্ষী ভট্টাচাৰ্যৰ শুকুৰবাৰে পুৱা ক’ভিডত আক্ৰান্ত হৈ দিল্লীৰ প্ৰতীক্ষা হাস্পতালত মৃত্যু হয়।
টাইমছ অফ ইণ্ডিয়া গ্ৰুপত কৰ্মৰত নিলাক্ষীৰ স্বামী কল্যান বৰুৱাও ক’ভিড আক্ৰান্ত হৈ গুৰুতৰ ভাৱে অসুস্থ হৈ আছে। কল্যাণ বৰুৱা আসাম ট্ৰিবিউন কাকতৰ দিল্লীৰ জ্যেষ্ঠ সাংবাদিক ।
নিলাক্ষী ভট্টাচাৰ্য্য পৰ্বতাৰোহী ৰূপেও জনাজাত আছিল।
তেওঁ হিমালয়ৰ বিভিন্ন প্ৰান্তলৈ পৰ্বতাৰোহনৰ কেইবাটাও অভিযানত অংশ লৈছিল।
গুৱাহাটীৰ দুসাহসিক ক্ৰীড়া সংগঠন এক্সপ্ল’ৰাছৰ প্ৰতিষ্ঠাপক সদস্য নীলাক্ষীৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে।
মৃত্যুৰ সময়ত স্বামী কল্যাণ বৰুৱা আৰু স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়ন কৰি থকা একমাত্ৰ কন্যাক এৰি থৈ গৈছে।
এক্সপ্ল’ৰাছ সংগঠনে নীলাক্ষীৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে ।
সাংবাদিক গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি গুৱাহাটী প্ৰেছ ক্লাৱে কয়, ’’কাল কৰোনাই পুনৰ প্ৰাণ কাঢ়ি ল’লে অসমৰ এগৰাকী সাংবাদিকৰ। দিল্লীত টাইমছ অব ইণ্ডিয়া গ্ৰুপত কৰ্মৰত নীলাক্ষী ভট্টাচাৰ্যৰ মৃত্যুত মৰ্মাহত গুৱাহাটী প্ৰেছ ক্লাব।
দুঃসাহসিক ক্ৰীড়াৰ সৈতেও জড়িত নীলাক্ষী ভট্টাচাৰ্যৰ মৃত্যু এক অপুৰণীয় ক্ষতি। প্ৰয়াত সাংবাদিকগৰাকীৰ অকাল বিয়োগত গুৱাহাটী প্ৰেছ ক্লাবে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক- সন্তপ্ত পৰিয়াললৈ জনাইছে সমবেদনা।