নিউজ ডেস্কঃ দিল্লীত সংঘটিত হৈছে এক আচৰ্য্যজনক ঘটনা। দিল্লীৰ পাহাৰগঞ্জৰ এখন জীমত মাত্ৰ গীত সলনি কৰাক লৈ প্ৰথমে দুটা ফৈদৰ মাজত তৰ্কাতৰ্কি আৰু অৱশেষত মাৰপিটৰ ঘটনা সংঘটিত হয়। আৰু তাৰ মাজতে এজন লোকে প্ৰাণ হেৰুৱাইছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ লোক আৰু আৰম্ভ কৰিছে তদন্ত।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, মঙলবাৰে পুৱা পাহাৰগঞ্জৰ ফিটনেছ হাব নামৰ জীমটোত মায়ংক মনচন্দা নামৰ ব্যক্তিজনে ব্যায়াম কৰি আছিল। সেই সময়তে আন চাৰিজন লোকে জীমৰ ভিতৰত গীত সলনি কৰি দিয়া। এনে কৰাৰ পাছতে দুয়োটা ফৈদৰ মাজত মায়ংকৰ সৈতে তৰ্কাতৰ্কি কৰাত তেওঁ পিতৃক ফোন কৰে। তাৰপাছতে দুয়োটা ফৈদৰ মাজত মাৰপিটৰ সংঘটনা সংঘটিত হয়।

এই মাৰপিটৰ ঘটনাত মায়ংকৰ পিতৃ মনোজ মনচন্দাৰ মৃত্যু হয়। আৰু আহত হয় বাকী কেইজন লোক। ইতিমধ্যে আৰক্ষীয়ে হত্যাকাণ্ড গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে মনোজ মনচন্দাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু আহত কেইজনক ভৰ্তি কৰিছে চিকিৎসালয়ত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply