নিউজ ডেস্কঃ ৰাজধানী চহৰ দিল্লীত কোৰোনাৰ সংক্ৰমণ হ্ৰাস পোৱাৰ বাবে চৰকাৰে বহু শিথিলতাৰ ঘোষণা কৰিছে। দিল্লীত আঁতৰোৱা হৈছে সান্ধ্য আইন। তাৰ লগতে ৰাজ্যখনত বাছ আৰু মেট্ৰ’ সমূহত থিয় হৈ যাত্ৰীসকলে যাত্ৰা কৰিব পাৰিব। দোকান-পোহাৰ সমূহৰো খোলা আৰু বন্ধ কৰাৰ যি সময় নিৰ্ধাৰণ কৰা হৈছিল সেই সময় প্ৰত্যাহাৰ কৰা হৈছে।

ডিডিএমএৰ এক বৈঠকত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত সমূহ। এই বৈঠকখনত দিল্লীত সান্ধ্য আইন সহ বাকীবোৰ বাধা-নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লোৱা হয়। ইফালে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে- কোৰোনাৰ সংক্ৰমণ হ্ৰাস পাইছে। আমি মানুহৰ উপাৰ্জনৰ কথাও ভাবিব লাগিব। লগতে টুইটাৰত লিখিছে- অহা ১ এপ্ৰিলৰ পৰা বিদ্যালয়সমূহ সম্পূৰ্ণ ৰূপে খোলা হ’ব। তদুপৰি মাস্ক পৰিধান নকৰিবৈল ভৰিব লগা জৰিমনা হ্ৰাস কৰি ৫০০ টকা কৰি দিয়া হৈছে।

উল্লেখ্য যে, বৃহস্পতিবাৰে ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছিল ৫৫৬জন লোক আৰু তাৰ বিপৰীতে ৬জন লোকে হেৰুৱাইছিল প্ৰাণ। ৰাজ্যখনত কোৰোনাৰ সংক্ৰমণ হ্ৰাস পোৱাৰ বাবেই আজি অৰ্থাৎ শুকুৰবাৰে এনেদৰে শিথিলতা প্ৰদানৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply