নিউজ ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মুকলি প্ৰত্যাহ্বান জনাইছে বিজেপিক। দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপিক প্ৰত্যাহ্বান জনাই কয় যে- ‘যদি সাহস আছে দিল্লী পৌৰ নিগম নিৰ্বাচন অনুষ্ঠিত কৰি জয়ী হৈ দেখুওৱাই দিয়ক, আমি ৰাজনীতি ত্যাগ কৰিম।’

অৰবিন্দ কেজৰিৱালে লগতে কয় যে- ‘বিজেপিকে নিজক পৃথিৱীৰ আটাইতকৈ ডাঙৰ ৰাজনৈতিক দল বুলি কয়। আৰু এই দলটোৱে দিল্লীৰ এটা সৰু দলক ভয় কৰে, দিল্লীৰ এটা সৰু নিৰ্বাচনক ভয় কৰে…।’ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয়- দিল্লীৰ পৌৰ নিগমৰ নিৰ্বাচন স্থগিত কৰাৰ অৰ্থ হৈছে সেই সকল শ্বহীদক অপমান , যিসকলে দেশৰ পৰা ইংৰাজক বাহিৰ কৰি বাৰতক স্বাধীন কৰাত ত্যাগ-অৱদান দিছিল।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সাংবাদিকৰ আগত কয় যে- ‘আজি শ্বহীদ দিৱস। ভগত সিং, সুখদেৱ আৰু ৰাজগুৰু তিনিওগৰাকী বীৰ শ্বহীদক আজিৰ দিনটোতে ফাঁচী কাঠত ওলমোৱা হৈছিল। তিনিওগৰাকী শ্বহীদে দেশক স্বাধীন কৰাৰ বাবে নিজৰ প্ৰাণ আহুতি দিছিল। তাৰপাছত দেশ স্বাধীন হ’ল, সংবিধান প্ৰস্তুত কৰা হ’ল, সংবিধানৰ জৰিয়তে দেশবাসীক সকলো অধিকাৰ প্ৰদান কৰা হ’ল। কিন্তু যোৱা কেইদিনৰ মানৰ পৰা যিবোৰ দেখিবলৈ পাইছো, সেয়া শ্বহীদসকলৰ ত্যাগ-বলিদানক কৰা অপমান। কেন্দ্ৰৰ বিজেপি চৰকাৰে দিল্লীত পৌৰ নিগমৰ নিৰ্বাচন পিচুওৱাই আছে।’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply