নিউজ ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসভৱনত হোৱা আক্ৰমণৰ পাছত আম আদমি পাৰ্টীৰ কৰ্মকৰ্তাসকলে বিজেপিক এই সন্দৰ্ভত তীব্ৰ সমালোচনাৰ লক্ষ্য কৰি লৈছে। তাৰ মাজতে মুখ্যমন্ত্ৰী কেজৰিৱালেও এই সন্দৰ্ভত এক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
তেওঁ কয় যে- ‘কেজৰিৱাল গুৰুত্বপূৰ্ণ নহয়। মই বহুত সৰু মানুহ। দেশৰ বাবে প্ৰাণো দি দিম। কিন্তু এনেধৰণৰ গুণ্ডাগিৰিৰ দ্বাৰা দেশৰ উন্নতি নহয়।’
কেজৰিৱালে লগত কয় যে, ‘ভাৰতৰ বাবে মৰম-চেনেহৰ মাজেৰে কামবোৰ কৰিব লাগিব। মাৰপিট আৰু গুণ্ডাগিৰিয়ে ইতিমধ্যে ৭৫টা বছৰ বৰ্বাদ কৰিলে। যদি দেশৰ শাসনত থকা দলটোৱে ৰাজধানী চহৰত গুণ্ডাগিৰি কৰে, তেন্তে ইয়াৰ পৰা যুৱপ্ৰজন্মই কি শিকিব।’
উল্লেখযোগ্য যে, ‘দ্যা কাশ্মীৰ ফাইলছ’ ছবিখনক লৈ কিছুদিন পূৰ্বে অৰবিন্দ কেজৰিৱালে কৰা মন্তব্যৰ প্ৰতিবাদত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ বাসভৱনৰ সন্মুখত বুধবাৰে বিজেপি কৰ্মীৰ এটা বৃহৎ দলে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে। আৰু তেওঁৰ বাসভৱনত বিজেপি কৰ্মীয়ে আক্ৰমণ কৰাৰো অভিযোগ উত্থাপন হয়। এই ঘটনাৰ পাছতে মুখ্যমন্ত্ৰী কেজৰিৱালে এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে।