নিউজ ডেস্ক: উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত উত্তৰ দিল্লী পৌৰনিগমে দিল্লীৰ জাহাংগীৰপুৰীত চলোৱা উচ্ছেদ অভিযান বন্ধ কৰিবলৈ বাধ্য হৈছে।

আজি পুৱা উত্তৰ দিল্লী পৌৰনিগমে জাহাংগীপুৰীত ‘অবৈধ নিৰ্মাণ’ৰ বিৰুদ্ধে উচ্ছেদ অভিযান আৰম্ভ কৰিছিল যদিও জ্যেষ্ঠ অধিবক্তা দুষ্মন্ত ডাভে, কপিল ছিবাল, পাভ সুৰেন্দ্ৰ নাথ আৰু প্ৰশান্ত ভূষণে উক্ত উচ্ছেদ কাৰ্য্যৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত বিষয়টো উত্থাপন কৰাৰ পিছতে আদালতে উচ্ছেদ অভিযান বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে হনুমান জয়ন্তীৰ দিনা জাহাংগীৰপুৰীত দুটা ফৈদৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ সংঘটিত হৈছিল। যোৱা মঙলবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি আদেশ গুপ্তাই উত্তৰ দিল্লী পৌৰনিগমৰ আয়ুক্তক দিয়া এক পত্ৰত জাহাংগীৰপুৰীত থকা ‘অবৈধ নিৰ্মাণ’ৰ বিৰুদ্ধে উচ্ছেদ চলাবলৈ আহ্বান জনাইছিল।

ইয়াৰ পিছতে আজি পুৱা উত্তৰ দিল্লী পৌৰনিগমে জাহাংগীৰপুৰীত বুলড’জাৰেৰে চলোৱা উচ্ছেদ অভিযানক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰা দেখা যায়।

প্ৰশাসনৰ উক্ত অভিযানৰ বিৰুদ্ধে আদালতত অধিবক্তা দুষ্মন্ত ডাভেই কয়, ”সংঘৰ্ষত ক্ষতিগ্ৰস্ত জাহাংগীৰপুৰীত উচ্ছেদ এটা সম্পূৰ্ণ বেআইনী ধ্বংসকাৰ্য। কাকো কোনো জাননী দিয়া হোৱা নাই আৰু কাৰো কথাও শুনা হোৱা নাই। আমি এই অভিযান বন্ধৰ বাবে আবেদন জনাইছো ।”

উচ্চতম ন্যয়ালয়ৰ মুখ্য ন্যায়াধীশ ৰামানাই উচ্ছেদৰ অভিযানৰ ওপৰত স্থগিতাদেশ আৰোপ কৰে।

লগতে পঢ়ক – বনজুইয়ে ছানি ধৰিলে উত্তৰাখণ্ডৰ বীৰ চন্দ্ৰ সিং গড়ৱালী চৰকাৰী চিকিৎসা বিজ্ঞান আৰু গৱেষণা প্ৰতিষ্ঠানৰ ছাত্ৰাবাসৰ চৌহদ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply