নিউজ ডেস্কঃ ৰাজধানী দিল্লীৰ মুণ্ডকা মেট্ৰ’ষ্টেচনৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড। দাও দাওকৈ জ্বলি উঠিল এটা অট্টালিকা। অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ মৃত্যু হয় ২৭ গৰাকীকৈ লোক। নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ অট্টালিকাৰ পৰা জাপ দিলে বহুকেইজনে। ঘটনা সংঘটিত হোৱাৰ সময়ত অট্টালিকাটো আবদ্ধ হৈ আছিল বহুলোক। এই ঘটনাত আহত হৈছে ২০ জনৰো অধিক লোক। আহত সকলক হস্পিতালত ভৰ্তি কৰোৱা হৈছে।

দিল্লী আৰক্ষীয়ে জনোৱা অনুসৰি শুকুৰবাৰে আবেলি ৫ বজাত এই ঘটনা সংঘটিত হয়। লগে লগে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ ৩০খনৰো অধিক গাড়ী উপস্থিত হৈ অগ্নিনিৰ্বাপনৰ চেষ্টা চলায়। বৰ্তমানলৈকে এন ডি আৰ এফে উদ্ধাৰ অভিযান চলাই আছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে নিহত কেইজনৰ পৰিয়াললৈ ১০লাখকৈ আৰু আহত সকলৰ পৰিয়াললৈ ৫০,০০০টকাৰ এককালীন সাহাৰ্য ঘোষণা কৰিছে। লগতে ঘটনা সন্দৰ্ভত উচিত তদন্তৰ নিৰ্দেশ দিছে। দিল্লী আৰক্ষীয়ে হৰিশ গোৱেল আৰু বৰুণ গোৱেল নামৰ দুজনক ইতিমধ্যে আটক কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply