নিউজ ডেস্ক: দেশত কৰোনা ভাইৰাছৰ পৰিস্থিতি ক্ৰমে ভয়াবহ হৈ আহিছে। বিগত ২৪ ঘণ্টাত ভাৰতবৰ্ষত নতুনকৈ কৰ’নাত আক্রান্ত হৈছে ৩ লাখ ৫৭ হাজাৰ ২৯ জন। এদিনতে দেশত কৰ’নাই প্রাণ কাঢ়িছে ৩ হাজাৰ ৪৪৯ জনৰ। 

কৰোনাৰ এই ভয়াবহতাৰ সময়তে দিল্লীৰ ৰোহিণীত বসবাস কৰা কৰোনাত আক্ৰান্ত এক দম্পতীৰ কাষত থিয় হৈ এই মহামাৰীৰ দুৰ্যোগৰ কালছোৱাতো মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰিছে দিল্লীৰ ৰোহিণীৰ এটা গুৰুদ্বাৰাই।

বৃদ্ধ দম্পতীৰ কৰোনা সংক্ৰমণৰ সকলো লক্ষণ আছে। তেওঁলোক নিজ বাসগৃহত কোৱাৰেন্টাইন হৈ আছে।

তেওঁলোকৰ স্বাস্থ্যৰ ইমানেই অৱনতি ঘটিছিল তেওঁলোকে নিজে খাদ্য প্ৰস্তুত কৰিবলৈও সক্ষম নহয়।

চুবুৰীয়াসকলেও সহায় কৰিবলৈ আগবাঢ়ি অহা নাছিল কিয়নো দম্পতিৰ সংক্ৰমণৰ সকলো লক্ষণ আছিল। তথ্য অনুসৰি এজন ব্যক্তিয়ে সহায় বিচাৰি গুৰুদ্বাৰাৰ স’তে যোগাযোগ কৰিছিল।

অৱশেষত তেওঁলোকক সহায় আগবঢ়াবলৈ আগবাঢ়ি আহিল ৰোহিণীৰ গুৰুদ্বাৰা।

ৰোহিণীৰ গুৰুদ্বাৰাৰ পৰাই বৃদ্ধ দম্পতীহালক খাবলৈ কিছু খাদ্য প্ৰদান কৰিছিল। কোনোৱে গুৰুদ্বাৰাৰ এই মহান কাৰ্যক প্ৰশংসা কৰি টুইটাৰত প’ষ্ট কৰিছিল।

সম্প্ৰতি মুহূৰ্ততে এই প’ষ্টটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল। কৰোনা মহামাৰীয়ে কালৰূপ ধৰা এনে দুৰ্যোগৰ সময়তো মানৱতাৰ নিদৰ্শন দেখুওৱা দিল্লীৰ এই গুৰুদ্বাৰাৰ এনে মহান কাৰ্যক সকলোৱে শলাগ লৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply