দিল্লী উচ্চ ন্যায়ালয়ে ক’ভিড ভেকচিনৰ ৪৪ লাখ নষ্ট কৰাৰ ফলত ইয়াৰ অতিকে প্ৰয়োজনীয় সময়ত বিৰূপ প্ৰভাৱ পৰিব । ন্যায়াধীশ বিপিন সিংঘি আৰু ৰেখা পাটিলে এই সম্পৰ্কত প্ৰকাশিত বাতৰি সম্পৰ্কত কয়, ১০ কোটি ভেকচিনৰ ৪৪ লাখ নষ্ট হোৱাৰ ফলত ইয়াৰ বেয়া প্ৰভাব পৰিব । ইয়াৰে অধিকাংশ ঘটনা তামিলনাডুত হোৱা বুলি উল্লেখ কৰিছে ।
এফালে যদি দেশৰ বহু ৰাজ্যই ভেকছিনৰ অভাৱৰ দৰে পৰিস্থিতিৰ সন্মুখীন হৈছে, আনফালে একাংশ ৰাজ্যই ভেকছিন নষ্ট কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়া কাৰ্যত সকলোকে আচৰিত কৰিছে ।
শেহতীয়া RTI প্ৰতিবেদনৰ তথ্য অনুসৰি দিশত ১১ এপ্ৰিললৈকে ৪৪.৭৮ লাখ ভেকছিনৰ ড’জ অপচয় কৰা হৈছে আৰু এইক্ষেত্ৰত শীৰ্ষস্থানত আছে তামিলনাডু ৷ ৰাজ্যখনত ১১ এপ্ৰিললৈকে ১২.১০% ভেপছিনৰ ড’জ অপচয় হৈছে ।দ্বিতীয়তে ৯.৭৪% অপচয়ৰ সৈতে আছে হাৰিয়ানা । ইয়াৰ পিছতে পঞ্জাৱত ৮.১২%, মণিপুৰত ৭.৮০% আৰু তেলেংগানাত ৭.৫৫% ভেকছিন অপচয় হৈছে।
ভেকচিন দিয়াৰ ক্ষেত্ৰত ১৬ বছৰেই হওক অথবা ৬০ বছৰীয়াই হওক সকলোকে ভেকচিনৰ প্ৰয়োজন, তেনে অৱস্থাত বয়স ভিত্তিক ভেকচিনৰ ব্যৱস্থা কিয় কৰা হৈছে বুলি কেন্দ্ৰক প্ৰশ্ন কৰে ন্যায়ালয়ে । ন্যায়ালয়ে কয়, এইবাৰ যথেষ্ট সংখ্যক যুৱচামৰ মাজত এই বেমাৰৰ লক্ষণ দেখা গৈছে , তেনে অৱস্থাত এই বিষয়টো চোৱাৰ প্ৰয়োজন বুলি কয় ন্যায়ালয়ে । কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে অহা ১ মেৰ পৰা ১৮ বছৰৰ ওপৰৰ সকলোকে ভেকচিন দিয়াৰ ব্যবস্থা কৰিছে ।
অক্সিজেনৰ নাটনী হোৱাৰ সম্ভাবনালৈ লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে দিল্লী উচ্চ ন্যায়ালয়ক মেডিকেল প্ৰয়োজনৰ বাহিৰে অন্যান্য বিভাগলৈ অক্সিজেনৰ যোগান নধৰিবৰ বাবে নিৰ্দেশ দিবলৈ জনাইছে । এইবাৰৰ কোৰোনাৰ লক্ষণ হোৱা ব্যক্তিক অত্যধিক অক্সিজেনৰ প্ৰয়োজন বুলি কোৱা হৈছে । ইয়াৰ প্ৰত্যুত্বৰত দিল্লী উচ্চ ন্যায়ালয়ে কেন্দ্ৰক প্ৰশ্ন কৰে, ৰাইজৰ জীৱনক লৈ সমস্যা হোৱা বিষয়টোৰ ক্ষেত্ৰত ২২ এপ্ৰিলৰ পৰা কিয় আজিৰ পৰা কিয় নহয় । ন্যায়ালয়ে অক্সিজেন ব্যবহাৰ কৰি থকা উদ্যোগ সমূহক ব্যবহাৰৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ নিৰ্দেশ দিছে, বৰ্তমান সময়ত মানুহৰ জীৱনক লৈ প্ৰথম গুৰুত্ব দিব লাগিব তাৰ পিছতহে বাকীবোৰ কাম হ’ব বুলি উল্লেখ কৰিছে ন্যায়ালয়ে।
ইয়াৰ বিপৰীতে এলাহবাদ উচ্চ ন্যায়ালয়ে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ,লক্ষ্ণৌ, বাৰানসী, কানপুৰ নগৰ, গোৰখপুৰ জিলাত দিয়া লকডাউনৰ নিৰ্দেশৰ ওপৰত স্থগিতাদেশ জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে । পৰবৰ্তী শুনানী ২৬ এপ্ৰিলত অনুষ্ঠিত হ’ব । ৰাজ্যখনত ভয়াবহ ৰূপত কোৰোনাত আক্ৰান্ত হোৱাৰ বাবেই উচ্চ ন্যায়ালয়ে এই সিদ্ধান্ত দিছিল ।
তদুপৰি চৰকাৰৰ সহযোগিতাত চলি থকা কুম্ভমেলাই কোৰোনা আক্ৰান্তৰ সংখ্যা ভয়াবহ ৰূপত বৃদ্ধি কৰিছে ।কুম্ভমেলাৰ পৰা উভতি যোৱা বহুতৰেই দেহত কোৰোনাৰ উপস্থিতি ধৰা পৰাৰ পিছতেও বন্ধ নকৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ হৈছে ভিন্নস্তৰত ।