নিউজ ডেস্কঃ দিল্লীৰ ইণ্ডিয়া গেটত অমৰ জোৱান জ্যোতিৰ অগ্নিশিখা এতিয়া চিৰদিনৰ বাবে নিৰ্বাপিত হ’ব। এতিয়া এই অগ্নিশিখা ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ শিখাৰ সৈতে একেলগে থাকিব।

আজি আবেলি অনুষ্ঠিত হোৱা এক অনুষ্ঠানত অমৰ জোৱান জ্যোতিৰ অগ্নিশিখা ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ শিখাৰ সৈতে একেলগ কৰা হয়। ইয়াৰ আঁৰৰ যুক্তি হিচাপে কোৱা হৈছে যে দুটা ঠাইত শিখা জ্বলাই ৰখাটো কঠিন হৈ পৰিছে।

সেনাৰ সূত্ৰই সদৰি কৰা অনুসৰি দেশৰ শ্বহীদসকলৰ বাবে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক নিৰ্মাণ কৰা হৈছে, অমৰ জোৱান জ্যোতিত পৃথক পোহৰ জ্বলোৱা নহয়।
উল্লেখ্য যে, ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত সকলো শ্বহীদৰ নাম আছে, শ্বহীদসকলৰ পৰিয়াল ইয়ালৈ আহে। ২০১৯ৰ ২৫ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে যুদ্ধ স্মাৰক উদ্বোধন কৰিছিল।

লগতে পঢ়কঃশিশু অভিনেত্ৰী হৰ্ষিতা আৰু অংশ্ৰুতালে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান

১৭৬ কোটি টকা ব্যয়েৰে ৪০ একৰ ভূমিত নিৰ্মাণ কৰা হৈছে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক। আনহাতে, প্ৰথম বিশ্বযুদ্ধত শ্বহীদ হোৱা ভাৰতীয় সৈনিকসকলৰ স্মৃতিত ব্ৰিটিছ চৰকাৰে ইণ্ডিয়া গেট নিৰ্মাণ কৰিছিল। ইয়াৰ পিছত ১৯৭২ চনত পাকিস্তানৰ সৈতে হোৱা যুদ্ধত শ্বহীদ হোৱা ভাৰতীয় সৈনিকসকলৰ স্মৃতিত অমৰ জোৱান জ্যোতি জ্বলাই ৰখা হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,132 other subscribers

Leave a comment

Leave a Reply Cancel reply