নিউজ ডেস্ক: ভাৰতত monkeypox-ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে। আজি ৰাজধানী দিল্লীত এজন ৩১ বছৰীয়া যুৱকৰ শৰীৰত প্ৰথমটো monkeypox-ৰ ঘটনা ধৰা পৰাত দেশত monkeypox-ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা চাৰিজনলৈ বৃদ্ধি পায়।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি ভাৰতত ধৰা পৰা বাকী তিনিটা monkeypox-ৰ সংক্ৰমণ কেৰেলাত ধৰা পৰিছে।

দিল্লীৰ যুৱকজনৰ সদ্যসতে বিদেশত ভ্ৰমণ কৰাৰ কোনো travel history নাই, অৱশ্যে সংবাদ এজেন্সী PTI-ৰ মতে তেওঁ অলপতে হিমাচল প্ৰদেশৰ মানালীত এটা পাৰ্টিত অংশগ্ৰহণ কৰিছিল।

পশ্চিম দিল্লীৰ বাসিন্দাজনক তিনিদিন আগতে ৰোগটোৰ লক্ষণৰ সৈতে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল, আৰু শনিবাৰে তেওঁৰ নমুনাবোৰ National Institute of Virology-লৈ প্ৰেৰণ কৰা হৈছিল।

উল্লেখযোগ্য যে ভাৰতত বৰ্তমান ১৬ টা পৰীক্ষাগাৰ monkeypox-ৰ বাবে বিশেষভাৱে নিয়োগ কৰা হৈছে, ইয়াৰ ভিতৰত দুটা কেৱল কেৰালাৰ বাবে।

Monkeypox হৈছে প্ৰাণীৰ পৰা মানুহলৈ সংক্ৰমণ হোৱা (zoonotic) এক ভাইৰাছ, ইয়াৰ লক্ষণবোৰ বসন্ত ৰোগৰ সৈতে একে যদিও ই কম গুৰুতৰ। এই ভাইৰাছ জন্তুৰ পৰা মানুহলৈ প্ৰত্যক্ষ বা পৰোক্ষ সংস্পৰ্শৰ জৰিয়তে সংক্ৰমিত হয়। ইয়াৰ উপৰি সংক্ৰমিত ব্যক্তিজনৰ ছাল বা ঘাঁ তথা শ্বাস-প্ৰশ্বাসৰ টোপালৰ জৰিয়তেও মানুহৰ পৰা মানুহলৈ সংক্ৰমিত হ’ব পাৰে।

এতিয়ালৈকে বিশ্বৰ ৭৫ খন দেশৰ পৰা ১৬,০০০ ৰো অধিক লোক monkeypox-ত আক্ৰান্ত হৈছে। আনহাতে, আফ্ৰিকাত পাঁচজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।

লগতে পঢ়ক – মহানগৰীত হাতী-মানুহৰ সংঘাতঃ শুৰেৰে ধৰি দলিয়াই দিলে এজনক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply