নিউজ ডেস্কঃ দিল্লী আৰক্ষীয়ে মুণ্ডকাৰ এটা অট্টালিকাত সংঘটিত অগ্নিকাণ্ডৰে জড়িত মুখ্য অভিযুক্ত আৰু অট্টালিকাটোৰ সত্বাধিকাৰক গ্ৰেপ্তাৰ কৰিছে। এই অগ্নিকাণ্ডত ২৭জনকৈ লোকে প্ৰাণ হেৰুৱাইছে। আৰু ইয়াৰে মাত্ৰ ৮জন লোককহে চিনাক্ত কৰা হৈছে।

ইফালে, এই অগ্নিকাণ্ডত আহত আন ১২জন লোক। এই অগ্নিকাণ্ড সংঘটিত অট্টালিকাটোৰ সত্বাধিকাৰৰ নাম মনীষ লাকড়া। অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ পোৱাৰ লগে লগে সহায়ৰ বাবে আৰক্ষী বা অগ্নিনিৰ্বাপক বাহিনীক ফোন কৰাৰ পৰিৱৰ্তে পৰিয়ালৰ সৈতে পলায়ন কৰে লাকড়াই।

এতিয়ালৈকে এই অগ্নিকাণ্ডত নিহত ১৯ গৰাকী লোকৰ চিনাক্ত কৰা হোৱা নাই। আৰক্ষীয়ে ডিএনএ টেষ্টৰ দ্বাৰা মৃতদেহ কেইটাৰ চিনাক্ত কৰাৰ কাম আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,881 other subscribers

Leave a comment

Leave a Reply