নিউজ ডেস্ক: বিজেপি নেতা তেজিন্দৰ পাল সিং বগ্গাক গ্ৰেপ্তাৰক কেন্দ্ৰ কৰি পঞ্জাব আৰক্ষীৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে এক গোচৰ ৰুজু কৰিছে। পঞ্জাব আৰক্ষীৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে ‘অপহৰণৰ’ গোচৰ ৰুজু কৰিছে।
দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালক ভাবুকি দিয়াৰ অভিযোগত বিজেপি নেতা গৰাকীক পঞ্জাব আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আপৰ নেতা ছানি সিঙে দাখিল কৰা এক এজাহাৰৰ ভিত্তিত বগ্গাক গ্ৰেপ্তাৰ কৰা হয়।
আপৰ নেতা গৰাকীয়ে দাখিল কৰা এজাহাৰত অভিযোগ কৰা মতে বগ্গাই যোৱা ৩০ মাৰ্চত এখন ৰেলীত দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালক উদ্দেশ্যী ভাবুকি দিছিল। সিঙে আৰক্ষীক বগ্গাৰ ভিডিঅ’ ক্লিপো জমা দিছিল।
আনহাতে বিজেপি নেতা গৰাকীক পঞ্জাব আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মোহালীলৈ নি থকা অৱস্থাত হাৰিয়ানাৰ কুৰুক্ষেত্ৰত হাৰিয়ানা আৰক্ষীয়ে পঞ্জাব আৰক্ষীৰ কনভয়ক ৰখাই বগ্গাসহ আৰক্ষীৰ দলটোক থানেস্বৰ আৰক্ষী থানালৈ লৈ যায়।
জানিব পৰা মতে দিল্লী আৰক্ষীয়ে পঞ্জাব আৰক্ষীৰ বিৰুদ্ধে নিয়মৰ বাহিৰত গৈ বগ্গাক গ্ৰেপ্তাৰ কৰাৰ অভিযোগ অনাৰ বাবে হাৰিয়ানাত পঞ্জাব আৰক্ষীক আৱদ্ধ কৰি ৰখা হয়।
পিছত দিল্লী আৰক্ষীৰ এটা দল গৈ থানেস্বৰ থানাত উপস্থিত হৈ বগ্গাক নিজৰ জিম্মাত গ্ৰহণ কৰে। ইপিনে দিল্লী আৰক্ষীয়ে বগ্গাক নিজৰ জিম্মাত লোৱাৰ পিছতে পঞ্জাব আৰক্ষীয়ে ইয়াৰ বিৰুদ্ধে হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে।
লগতে পঢ়ক – ৰফিকুল হকক বৰপেটা জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব