নিউজ ডেস্কঃ দিল্লীত এনচিবিয়ে বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ কৰিছে। লগতে কেইজনমান ড্ৰাগছ সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিছে এনচিবিয়ে। এনচিবিয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ সম্পৰ্ক আফগানিস্তানৰ তালিবানৰ সৈতে থকা বুলিও প্ৰকাশ কৰিছে সাংবাদিকৰ আগত।
দিল্লীৰ শ্বাহিন বাগত প্ৰায় ৫০ কেজি ওজনৰ হেৰ’ইন, ৩০ লাখ টকা নগদ ধন, নোট গণনা কৰা মেচিন আৰু ৪৭ কেজি অন্য ড্ৰাগছ জব্দ কৰিছে এনচিবিয়ে। জানিব পৰা মতে, জব্দ কৰা এই ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৩০০ কোটি টকা।
ইফালে, আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰি কৈছে যে- আফগানিস্তানৰ পৰা এই ড্ৰাগছসমূহ ভাৰতলৈ অনা হৈছিল। আৰু সৰবৰাহকাৰী কেইটাই অতি কৌশলেৰে ড্ৰাগছখিনি ফ্লিপকাৰ্টৰ পেকেটত ভৰাই আনিছিল। সাগৰৰ মাৰ্গেৰে অনা হৈছিল ড্ৰাগছখিনি। আৰু গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ ভিতৰত এটা ভাৰতীয় নাগৰিক।