নিউজ ডেস্কঃ দিল্লী বিশ্ববিদ্যালয়ে আজি নামভৰ্তিৰ প্ৰথমখন Merit list প্ৰকাশ কৰিব। আজি সন্ধিয়া ৫ বজাত বিশ্ববিদ্যালয় ৱেবছাইটত এই তালিকা প্ৰকাশ পাব। নামভৰ্তিৰ বাবে পঞ্জীয়ন কৰা প্ৰাৰ্থীসকলে দিল্লী বিশ্ববিদ্যালয়ৰ অফিচিয়েল ৱেবছাইট du.ac.in ত গৈ পৰীক্ষা কৰিব পাৰে।

ইয়াৰ উপৰিও, প্ৰাৰ্থীসকলে এই লিংকত http://www.du.ac.in/ পোনপটীয়াকৈ ক্লিক কৰি পৰীক্ষা কৰিব পাৰে। দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰথমখন মেধা তালিকাত প্ৰাৰ্থীৰ সকলে আবেদন কৰা কাৰ্যসূচী আৰু মহাবিদ্যালয়ৰ ওপৰত আধাৰিত কৰি তেওঁলোকক আৱণ্টন কৰা আসনৰ বিৱৰণ অন্তৰ্ভুক্ত থাকিব। প্ৰাৰ্থীসকলে ১৯ অক্টোবৰৰ পুৱা ১০ বজাৰ পৰা ২১ অক্টোবৰৰ পৰা আবেলি ৪.৫৯ বজালৈ তেওঁলোকৰ আসন সমূহ accept কৰিব লাগিব। যদি এজন প্ৰাৰ্থীয়ে নিৰ্ধাৰিত সময়ৰ ভিতৰত তেওঁলোকৰ নিৰ্ধাৰিত আসন accept  কৰাত বিফল হয়, তেনেহ’লে তেঁওৰ নামভৰ্তিৰ আসন বাতিল কৰা হ’ব। সংশ্লিষ্ট মহাবিদ্যালয়খনে প্ৰাৰ্থীৰ যোগ্যতা পৰীক্ষা কৰিব আৰু আপলোড কৰা নথিপত্ৰসমূহ পৰীক্ষা কৰিব। প্ৰাৰ্থীসকলৰ বাবে নামভৰ্তি মাচুল পৰিশোধ কৰাৰ অন্তিম তাৰিখ হৈছে ২৪অক্টোবৰ, ২০২২।

দ্বিতীয়খন Merit list প্ৰকাশ কৰাৰ আগতে ২৫ অক্টোবৰ,২০২২ তাৰিখে প্ৰথম পৰ্যায়ত খালী হৈ থকা আসনৰ সংখ্যা অৱগত কৰিব।

আনহাতে, দিল্লী বিশ্ববিদ্যালয়ে দ্বিতীয়খন Merit list ৩০ অক্টোবৰত প্ৰকাশ কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply