নিউজ ডেস্কঃ গৰমে দহিছে উত্তৰ-পশ্চিম ভাৰতক। অনাগত ৫দিনলৈকে গৰমৰ প্ৰকোপ অব্যাহত থাকিব। বতৰ বিজ্ঞানী মতে, দেশৰ কোনো কোনো প্ৰান্তত তাপমাত্ৰা ৪৫ডিগ্ৰী লৈকে বৃদ্ধি পাব পাৰে। ৰাজস্থান,উত্তৰপ্ৰদেশ, মধ্যপ্ৰদেশ, ঝাৰখণ্ড, পশ্চিমবংগ,উৰিষ্যা,পঞ্জাৱ,হাৰিয়ানা আৰু চণ্ডিগড়ত তীব্ৰগতিত তাপমাত্ৰা বৃদ্ধি পাব পাৰে।
বতৰ বিভাগে প্ৰচণ্ড গৰম আৰু তাপ প্ৰবাহৰ বাবে প্ৰতীপ ঘূৰ্ণীবতাহেই(anticyclone) মূল কাৰক হিচাপে অভিহিত কৰিছে। ঘূৰ্ণীবতাহ-প্ৰতিৰোধী ক্ষেত্ৰত পৃষ্ঠত বায়ুৰ চাপ যথেষ্ট বেছি। ইয়াৰ ওপৰৰ বায়ু তললৈ নামি আহে। উচ্চ চাপৰ বাবে, এই বায়ু তললৈ নামি আহিলে গৰম হৈ পৰে। এনে পৰিস্থিতিত, গৰম বতাহৰ প্ৰভাৱত তাপ অধিক হয়। প্ৰতীপ ঘূৰ্ণীবতাহে উৰিষ্যা আৰু পশ্চিম বংগক বিশেষভাৱে প্ৰভাৱিত কৰিছে।
২মে’ৰ পৰা দেশবাসীয়ে তীব্ৰ গৰমৰ পৰা কিছু পৰিমাণে সকাহ পোৱাৰ সম্ভাৱনা আছে। উত্তৰ-পশ্চিম ভাৰতক কোনো কোনো অংশত তাপমাত্ৰা ৩৭-৩৮ডিগ্ৰীতকৈ তললৈ হ্ৰাস পাব পাৰে। বতৰ বিজ্ঞানী মতে,২৯-৩০ এপ্ৰিললৈকে উত্তৰ-পশ্চিম ভাৰতৰ অধিকাংশ ৰাজ্যতে তাপমাত্ৰা ২ডিগ্ৰী ছেলছিয়াছকৈ বৃদ্ধি পাব পাৰে। অৱশ্যে মে’ মাহৰ মাজভাগৰ পৰা ধুমুহা আৰু পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে।
বতৰ বিজ্ঞানে ৰাজস্থানত orangeএলাৰ্ট, উপদ্বীপ-পূব ভাৰতক বাদ দি বাকী ৰাজ্যত yellow এলাৰ্ট জাৰি কৰিছে। বিশেষজ্ঞসকলে, শিশু, বৃদ্ধ আৰু গুৰুতৰ ৰোগত আক্ৰান্ত ৰোগীসকলক এই গৰমত বাহিৰলৈ ওলাবলৈ বাধা প্ৰদান কৰিছে। দীঘলীয়া সময়ৰ বাবে ৰ’দত থকা লোকসকলৰ বিভিন্ন ধৰণৰ ৰোগৰ সমস্যা হ’ব পাৰে। দেশৰ কেইবাখনো ৰাজ্যত তীব্ৰ গৰমৰ বাবে বিদ্যালয়সমূহত বন্ধ ঘোষণা কৰিছে। ছত্তীশগড়ত ২৪ এপ্ৰিলৰ পৰা বিদ্যালয় বন্ধ ৰখা হৈছে। উৰিষ্যাত ২৬ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিললৈ গৰমৰ বাবে বিদ্যালয় বন্ধ ঘোষণা কৰিছে। মধ্য প্ৰদেশৰ ভূপাল, অন্ধ্ৰ প্ৰদেশতো বিদ্যালয়সমূহ ২৯ এপ্ৰিলৰ পৰা ৬ মে’ৰ পৰ্যন্ত বন্ধ ঘোষণা কৰিছে।
লগতে পঢ়কঃ১মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব ওৰাং ৰাষ্ট্ৰীয় উদ্যান